Breaking

তিয়হৰ বাকলিৰ উপকাৰীতাৰ বিষয়ে জানেনে…

0 70

তিয়হৰ বাকলি পৰাও লাভ কৰিব বহু উপকাৰ। সুস্বাস্থ্যৰ বাবে সতেজ শাক-পাচলি খাবলৈ আমাক পৰামৰ্শ দিয়ে। কিছুমান শাক-পাচলি আছে যিবোৰ চালাড হিচাপে খোৱা হয়, যেনে তিয়হ। বিশেষকৈ গ্ৰীষ্মকালত ইয়াৰ চাহিদা বাঢ়ে, কাৰণ ইয়াত পানীৰ পৰিমাণ বেছি। কিন্তু আমাৰ মাজৰ অতি কম সংখ্যকেহে জানে যে আছে এই তিয়হৰ বাকলিত পুষ্টিকৰ উপাদান বহু থাকে। জানো আহক তিয়হৰ বাকলিৰ লগতে তিয়হ খালে আমাৰ শৰীৰত কি কি উপকাৰ হয়-

চকুৰ দৃষ্টিশক্তি দুৰ্বল লোকসকলে নিয়মিতভাৱে তিয়হৰ বাকলিৰ লগতে তিয়হ খাব লাগে কাৰণ ইয়াত ভিটামিন এ পোৱা যায়, যিয়ে দৃষ্টিশক্তি উন্নত কৰে।

তিয়হৰ বাকলি আমাৰ ছালৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়, কাৰণ ইয়াত এছক’ৰবিক এচিড পোৱা যায়, লগতে ইয়াত থকা ভিটামিনবোৰে অক্সিডেটিভ ক্ষতি ৰোধ কৰে। যাৰ বাবে মুখত আচৰিত ধৰণৰ গ্লো দেখা দিবলৈ আৰম্ভ কৰে।

.

বাকলিৰ লগতে তিয়হ খালে হৃদৰোগৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায়। আচলতে ইয়াত ভিটামিন কে পোৱা যায়, যিয়ে তেজ জমা হোৱাত বাধা দিয়ে, যাৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা কম হয়, লগতে ৰক্তবাহী নলীবোৰো সুস্থ কৰি ৰাখে।


Leave A Reply