Breaking

হাৰ্ট এটেকে আৰু বুকুৰ বিষৰ মূল কাৰণ কি কি জানেনে…

0 141

বুকুৰ বিষ গুৰুতৰ ৰোগৰ লক্ষণ। বুকুৰ বিষ আৰম্ভ হ’লে যিকোনো ব্যক্তিয়ে আতংকিত হ’বলৈ আৰম্ভ কৰে, কাৰণ ই হাৰ্ট এটেকৰ প্ৰধান লক্ষণ। হাৰ্ট এটেকৰ বিষয়ে সজাগ হ’লেও কিন্তু এইটোও জানি লওক যে ইয়াৰ আঁৰত আন কিছুমান কাৰণ থাকিব পাৰে, যিবোৰ ডাক্তৰৰ ওচৰলৈ যোৱাৰ পিছত বা পৰীক্ষা কৰোৱাৰ পিছতহে গম পোৱা যায়। কৰ’না ভাইৰাছ মহামাৰীৰ পিছত মানুহৰ শৰীৰত এনে বহু লক্ষণে দেখা দিবলৈ আৰম্ভ কৰিছে। বুকুৰ বিষৰ আঁৰত আৰু কি কি কাৰণ থাকিব পাৰে জানক-

১/ শুকান কাহ
শুকান কাহৰ বাবে বুকুৰ পেশীবোৰত যথেষ্ট চাপ পৰে যাৰ ফলত এই পেশীবোৰ দুৰ্বল হৈ পৰে আৰু তাৰ পিছত বিষৰ সৃষ্টি হয়। যদি কাহ সোনকালে ভাল নহয়, তেতিয়া বিষ বাঢ়িব পাৰে।

২/ পালমোনাৰী এম্ব’লিজম
পালমোনাৰী এম্ব’লিজম হৈছে এক চিকিৎসাজনিত অৱস্থা যিয়ে বুকুৰ বিষৰ সৃষ্টি কৰিব পাৰে, ই হৃদযন্ত্ৰৰ সমস্যা য’ত হাওঁফাওঁলৈ তেজ পৰিবহণ কৰা ধমনীবোৰত জমা হোৱা দেখা যায়। এনে পৰিস্থিতিত হাওঁফাওঁৰ তেজ সঠিকভাৱে চলাচল নলৰে আৰু বুকুৰ বিষ হ’বলৈ আৰম্ভ কৰে।

৩)হাওঁফাওঁৰ সংক্ৰমণ
কৰ’না ভাইৰাছৰ সময়ত ৰাইজৰ হাওঁফাওঁত বহু সংক্ৰমণ হৈছিল, যাৰ বাবে বহুলোকৰ বুকুৰ বিষ হৈছিল। যদি হাওঁফাওঁত আন কোনো ভাইৰাছৰ আক্ৰমণ কৰে, তেন্তে বুকুৰ বিষ হ’ব পাৰে।

৪/ কোভিড নিউমোনিয়া
কৰ’না ভাইৰাছ ৰোগীৰ বুকুৰ বিষৰ বাবে বহু লোক covid pneumonia ৰ বলি হ’বলগীয়া হৈছিল, অৰ্থাৎ হাওঁফাওঁত যদি সংক্ৰমণ হয়, তেন্তে এনে নিউমোনিয়াৰ আশংকা থাকে। যাৰ ফলত হাওঁফাওঁৰ এয়াৰ বেগ ফুলি উঠে আৰু তাৰ পিছত ই বুকুৰ বিষৰ কাৰণ হৈ পৰে।

Leave A Reply