ভেদাই লতাৰ ঔষধি গুণ সমূহ কি কি জানেনে…

ভেদাই লতা হৈছে ঔষধি গুণেৰে ভৰপূৰ এবিধ লতাজাতীয় শাক। যাৰ ব্যৱহাৰ অসমীয়া সমাজৰ অত্যাধিক। সাধাৰণতে ভেদাই লতা গাঁৱৰ অঞ্চলত অতি সহজলভ্য আৰু অত্যাধিক ব্যৱহাৰ কৰা দেখা যায়।ভেদাই লতাক আৰু আন কিছুমান নামেৰেও জনা যায়। সেই নাম সমূহ হৈছে-পাদুৰিলতা, গন্ধভাদুলীয়া, ভাদুলীলতা, আৰু প্ৰসাৰণী।অতীত কালৰে পৰা বিভিন্ন ৰোগত ভেদাই লতাৰ ডাল, পাত, শিপা ব্যৱহাৰ কৰি আহিছে।গতিকে আহকছোন ভেদাই লতাইনো আমাৰ শৰীৰত কেনেদৰে উপকাৰ কৰে তাৰ বিষয়ে আলোচনা কৰো-

১/ ভেদাই লতাই এলাৰ্জি ৰোগ নিৰাময় কৰাত সহায় কৰে।

২/ ভেদাই লতা শুক্ৰবৰ্ধক বল শক্তি দায়ক।

৩/ সন্তান প্ৰসৱৰ পাছত ভেদাই লতা
খোৱাটো বৰ উপকাৰী। কিয়নো ভেদাই লতাই মহিলাৰ প্ৰসৱ বেদনা দূৰ কৰে।

৪/ লিভাৰৰ যিকোনো সমস্যাৰ বাবে ভেদাই লতা যথেষ্ট উপকাৰী।

৫/ পেটৰ যিকোনো সমস্যাৰ বাবে ভেদাই লতাক ৰামবান ঔষধ বুলি কোৱা হয়।

৬/ ভেদাই লতা চালৰ বাবেও যথেষ্ট উপকাৰী।

৭/ দাঁতৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত ভেদাই উপশম কৰে।

৮/ ভেদাই লতা খালে গা আৰু বুকুৰ বিষ দূৰ হয়।

৯/ হাপানি ৰোগৰ বাবে ভেদাই লতা উপকাৰী।

১০/ ডায়েৰিয়াৰ বাবেও ভেদাই লতা মহৌষধ।

বি:দ্ৰ উপৰোক্ত লেখনিটো সাধাৰণ তথ্যৰ ওপৰত আধাৰিত। কোনো জটিল ৰোগত আক্ৰান্ত হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্ছনীয়।

Related Articles