শীতকালত কি কি শাক খাব লাগে জানেনে…

আমৰা

বায়ুপিত্ত, ৰক্তদোষ, গ্ৰহণী, অৰুচি, উদৰ ৰোগ, অগ্নিমান্দ্য, শৰীৰ দুৰ্বলতা, পয়ালগা, বাতবিষ, বসন্ত, ভৰিত পানীয়ে খোৱা, গেষ্ট্ৰিক আলচাৰ ইত্যাদি ৰোগত উপকাৰী।

মিথি শাক

বহুমুত্ৰ, অৰুচি, গৰ্ভাশয়ৰ ৰোগ, গ্ৰহণী, অৰ্শ, কঁকালৰ বিষ, ৰক্তস্ৰাৱ, মূত্ৰকৃচ্ছ্ৰ, শুক্ৰ দুৰ্বল, জ্বৰ, হাত-ভৰি জ্বলা-পোৰা কৰা ইত্যাদিত উপকাৰী।

ডালিম

হৃদৰোগ, জ্বৰ, কণ্ঠৰোগ, দাহ নাশক, বলকাৰক, শুক্ৰবৰ্দ্ধক, অগ্নিবৰ্দ্ধক, ৰুচিকাৰক, কৃমিনাশক, বাকলি ৰক্তৰোধক, অতিসাৰ নাশক, ৰক্ত আমাশয়, ৰক্ত অতিসাৰ, তৃষ্ণা ৰক্তপিত্ত, গৰ্ভস্ৰাৱত হিতকৰ।

মাটি-কাঁদুৰি

ৰক্তশোধক, বিষ নাশক, কফ আৰু পিত্তৰ বাবে হিতকৰ, গ্ৰহণী, জ্বৰ, চকুৰ ৰোগ নাশক, মাতৃ দুগ্ধবৰ্ধক, ৰক্তস্ৰাৱ, কৃমি, ৰক্তহীনতা, যকৃত আদি ৰোগত হিতকৰ।

মানিমুনি

পেটৰ ৰোগ, দৃষ্টিমান্দ্য, বিষনাশক, স্মৃতিবৰ্ধক, কুষ্ঠ, ৰক্তদোষ, পাণ্ডুৰোগ, প্ৰদৰ, অগ্নিমান্দ্য, তেজ গ্ৰহণী, পেট কামোৰণি, চৰ্মৰোগ, ব্ৰন, শ্লীপদ, ফোঁহা, নাকৰ ৰোগ, দাঁতৰ বিষত উপকাৰী।

ভেদাইলতা

বেদনানাশক, হাড় সংযোজক, মল-মূত্ৰ নিঃসাৰক, বাতৰক্ত, অৰ্শ, গ্ৰহণী, অতিসাৰ, প্ৰসূতিৰ গাৰ বিষ, সিৰ ৰোগ, মূত্ৰাঘাত, সিৰ সংকোচন, শুক্ৰবৰ্ধক আদিত উপকাৰী।

পুঁই শাক

শুক্ৰবৰ্ধক, ৰক্তপিত্তনাশক, এলাৰ্জি, অতিসাৰ, ব্ৰন, পায়োৰিয়া, শ্লীপদ, ফোঁহা, গৰ্ভাৱস্থাত, হুপিং কাহত অহিতকৰ।

Related Articles