Breaking

গাখীৰ খোৱাৰ উপযুক্ত সময় কেতিয়া জানেনে? নহ’লে গেছ-এচিডিটিৰ বলি হ’ব…

0 306

কিছুমানে গাখীৰ খাই বৰ ভাল পায়। গাখীৰ খাই ভাল পালেও যেতিয়া তেতিয়াই গাখীৰ খাব নালাগে, গাখীৰ খোৱা আছে উপযুক্ত সময়। আজি আমি আপোনালোকক ক’ম গাখীৰ খোৱাৰ উপযুক্ত সময়ৰ বিষয়ে। ৰাতি বা ৰাতিপুৱা কিমান সময়ত গাখীৰ খোৱা উচিত জানো আহক-

স্বাস্থ্য বিশেষজ্ঞৰ মতে গাখীৰ শৰীৰৰ গঠন আৰু বয়স অনুযায়ী সেৱন কৰিব লাগে। কিছুমান মানুহৰ বাবে ৰাতিপুৱা গাখীৰ খোৱাটো উপকাৰী হ’ব পাৰে, আনহাতে কিছুমানৰ বাবে ৰাতিৰ সময় ভাল। চিকিৎসকৰ মতে যিকোনো সময়তে গাখীৰ খালে শৰীৰৰ বাবে উপকাৰী। যদি আপোনাৰ পেটৰ লগত জড়িত কোনো সমস্যা আছে তেন্তে গাখীৰ খোৱাৰ সময় সলনি কৰক। অন্যথা ইয়াৰ ফলত আপোনাৰ সমস্যা আৰু অধিক বৃদ্ধি পাব। ৫ বছৰৰ ওপৰৰ লোকে ৰাতিপুৱা খালী পেটত গাখীৰ খাব নালাগে।

শৰীৰ গঠনৰ বাবে গাখীৰ খোৱা লোকসকলে দিনত গাখীৰ খোৱা উচিত। যদি এনে লোকে দিনত গাখীৰ খায় তেন্তে তেওঁলোকে গোটেই দিনটোৰ বাবে শক্তি লাভ কৰে। শিশুৱে ৰাতিপুৱা ক্ৰীমযুক্ত গাখীৰ খাব লাগে। তাত কেলচিয়ামৰ প্ৰচুৰ পৰিমাণে থাকে আৰু হাড়বোৰো মজবুত হৈ পৰে। গাখীৰ খালে শৰীৰে প্ৰচুৰ পৰিমাণে পটাছিয়াম, মেগনেছিয়াম আৰু প্ৰটিন লাভ কৰে।

বৃদ্ধসকলৰ শাৰীৰিক ক্ৰিয়া-কলাপ অতি কম হোৱাৰ বাবে তেওঁলোকে দিনত গাখীৰ খোৱা উচিত নহয়। বুঢ়া মানুহে গৰুৰ গাখীৰ খাব লাগে, সহজে হজম হয়।

যদি আপুনি গাখীৰ নাখায় তেন্তে শৰীৰত কেলচিয়ামৰ অভাৱ আৰম্ভ হয়। গাখীৰত কেলচিয়ামৰ লগতে থাইয়ামিন আৰু হাড় শক্তিশালী কৰাৰ ক্ষমতা থাকে। যদি আপোনাৰ গেছ-এচিডিটিৰ সমস্যা আছে তেন্তে চেনিৰ সৈতে মিহলি গাখীৰ খাব।

Leave A Reply