Breaking

পুৰুষ আৰু মহিলাৰ হাৰ্ট এটেকৰ লক্ষণ কিয় বেলেগ বেলেগ জানেনে…

0 61

পুৰুষ আৰু মহিলাৰ হাৰ্ট এটেকৰ লক্ষণ কিয় বেলেগ বেলেগ জানেনে? হাৰ্ট এটেক এটা গুৰুতৰ আৰু মাৰাত্মক ৰোগ। বহু গৱেষণাত দেখা গৈছে যে ইয়াৰ লক্ষণসমূহ মহিলা আৰু পুৰুষৰ ক্ষেত্ৰত বেলেগ বেলেগ হ’ব পাৰে।পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত হাৰ্ট এটেক অধিক বিপজ্জনক আৰু মাৰাত্মক। স্বাস্থ্য বিশেষজ্ঞসকলে মতে ক’ৰণাৰ পিছত হৃদৰোগ অধিক ভয়াৱহ হৈ পৰিছে। ইয়াৰ বাহিৰেও শাৰীৰিক কাৰ্যকলাপৰ অভাৱ, খাদ্য, মানসিক চাপ বৃদ্ধিয়ে হৃদযন্ত্ৰৰ সমস্যা বৃদ্ধি কৰিব পাৰে। তাতোকৈ চিন্তনীয় কথাটো হ’ল মহিলা আৰু পুৰুষৰ ক্ষেত্ৰতো ইয়াৰ লক্ষণসমূহৰ মাজত পাৰ্থক্য দেখা গৈছে।

পুৰুষ আৰু মহিলাৰ হাৰ্ট এটেকৰ বিভিন্ন লক্ষণ –

মহিলাৰ ক্ষেত্ৰত হাৰ্ট এটেকৰ সম্ভাৱনা বেছি। বুকুৰ বিষ আৰু উশাহ-নিশাহৰ কষ্ট হোৱা দেখা যায় পুৰুষ-মহিলা উভয়ৰে। ইয়াৰ কিছুমান লক্ষণ বেলেগ ধৰণেও দেখা গৈছে।

আমেৰিকান হাৰ্ট এছ’চিয়েশ্যনৰ প্ৰতিবেদন অনুসৰি হাৰ্ট এটেকত মহিলাৰ মৃত্যুৰ সম্ভাৱনা পুৰুষতকৈ বেছি। পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত হাৰ্ট এটেকৰ লক্ষণ বেলেগ বেলেগ হ’ব পাৰে। হাৰ্ট এটেকৰ আটাইতকৈ সাধাৰণ লক্ষণ হ’ল বুকুৰ বিষ। এই লক্ষণ পুৰুষৰ ক্ষেত্ৰত বেছিকৈ দেখা যায়। এই সমস্যা হাৰ্ট এটেক হোৱা ৫০ শতাংশ মহিলাৰ ক্ষেত্ৰতহে দেখা গৈছে।

পুৰুষৰ হাৰ্ট এটেকৰ লক্ষণ –
বুকুৰ বিষ বা অস্বস্তি
শ্বাস-প্ৰশ্বাসৰ সমস্যা
পেত ওকট পাকট লগা

মহিলাৰ হাৰ্ট এটেকৰ লক্ষণ –
ডিঙিৰ বিষ
হাৰ্টবাৰ্ণ
মূৰ ঘূৰোৱা, বমি হোৱা
উশাহ লোৱাত কষ্ট আৰু ঘামচি ওলোৱা

Leave A Reply