Breaking

গাখীৰ খাই বেয়া পাই নেকি? চিন্তাৰ কোনো কাৰণ নাই! গাখীৰৰ সলনি খাওক এই সমূহ খাদ্য…

0 44

গাখীৰ খাই বেয়া পাই নেকি? চিন্তাৰ কোনো কাৰণ নাই! গাখীৰৰ সলনি খাওক এই সমূহ খাদ্য। কেলচিয়াম সমৃদ্ধ খাদ্য আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। কেলচিয়ামে দাঁত আৰু হাড় শক্তিশালী কৰাৰ লগতে স্নায়ুৰ কাম-কাজ বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শৰীৰে দুটা ধৰণে কেলচিয়াম পায়। এটা উপায় হ’ল কেলচিয়াম সমৃদ্ধ খাদ্য বা পৰিপূৰক খোৱা আৰু আনটো উপায় হ’ল শৰীৰত থকা কেলচিয়াম গ্ৰহণ কৰা। শৰীৰৰ দৈনন্দিন প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ কেলচিয়াম সমৃদ্ধ খাদ্য খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। কেলচিয়াম সমৃদ্ধ ৫ টা খাদ্যৰ বিষয়ে জানক…


কচুত ভাল পৰিমাণৰ কেলচিয়াম পোৱা যায়। গতিকে কেলচিয়ামৰ বাবে খাব পাৰে কচু।

তিল কেলচিয়ামৰ ভাল উৎস। আপুনি খাদ্যত কেলচিয়ামৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে চালাড, ৰুটি বা অন্যান্য বস্তুত অন্তৰ্ভুক্ত কৰি।

পনিৰ কেলচিয়াম আৰু প্ৰটিনৰ উত্তম উৎসও। ইয়াক বিভিন্ন ৰূপত খালে আপোনাৰ শৰীৰে উপযোগী পুষ্টিকৰ উপাদান লাভ কৰে।

ব্ৰকলিতো ভাল পৰিমাণৰ কেলচিয়াম থাকে আৰু ইয়াত প্ৰচুৰ পৰিমাণে বিভিন্ন পুষ্টিকৰ উপাদান থাকে।

আলমণ্ড কেলচিয়ামৰ ভাল উৎসৰ লগতে আলমণ্ডে প্ৰচুৰ পৰিমাণে প্ৰটিন আৰু স্বাস্থ্যকৰ চৰ্বিও প্ৰদান কৰে শৰীৰক।


Leave A Reply