মাহেকীয়াৰ সময়ত বিষত টোপনি নাহে নেকি? ভাল টোপনিৰ বাবে এই ৫টা সহজ টিপছ…

পিৰিয়ডৰ সময়ত ভাল টোপনি প্ৰায় লোকৰে নাহে। বহু মহিলাই মাহেকীয়াৰ সময়ত টোপনি অহাত অসুবিধা পায়। ইয়াৰ কাৰণ হ’ল ক্ৰেম্প, অস্থিৰতা, হৰম’নৰ উঠা-নমা আৰু কঁকালৰ বিষৰ দৰে সমস্যা। এনে পৰিস্থিতিত ৰাতি ভালদৰে শুব নোৱাৰাৰ বাবে ৰাতিপুৱা উঠিবও নোৱাৰে। যদি আপুনিও প্ৰতিমাহে এই সমস্যাৰ সন্মুখীন হয়, তেন্তে এই লেখাটোৱে আপোনাৰ বাবেঃ

পিৰিয়ডৰ সময়ত ভাল টোপনি যাবলৈ এই ৫ টা কাম কৰক-

১- ভাল বিচনা আৰু আঠুৱা ব্যৱহাৰ কৰিব লাগে। শোৱাৰ আগতে কোঠাৰ উষ্ণতা আৰামদায়ক কৰি ৰাখিব লাগে। অতি গৰম বা অতি ঠাণ্ডা কোঠা এটাই টোপনিৰ ব্যাঘাত জন্মাব পাৰে।

২- শুবলৈ ঢিলা আৰু আৰামদায়ক কাপোৰ পিন্ধিব লাগে। টান কাপোৰ পিন্ধিলে শৰীৰটো আৰামদায়ক নহয়, যাৰ বাবে শুবলৈ অসুবিধা হয়। লগতে সদায় পোনে পোনে শুই থাকিব লাগে, ইয়াৰ ফলত পেটৰ ওপৰত বোজা কমি যায় আৰু ক্ৰেম্প কম হয়।

৩- মাহেকীয়াৰ সময়ত ক্ৰেম্প আৰু বিষৰ পৰা সকাহ পাবলৈ গৰম পানীৰ বেগ এটা পেটৰ তলৰ অংশ বা কঁকালৰ তলৰ অংশত ৰাখিব লাগে।

৪- শোৱাৰ আগতে গধুৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে। পাতল আৰু পুষ্টিকৰ খাদ্য খাব লাগে। কেফেইন খোৱা কমাব লাগে।

Related Articles