Breaking

মাজনিশা হঠাতে পিয়াহৰ অনুভৱ কৰে নেকি? ইয়াৰ কাৰণ কি জানেনে…

0 118

ৰাতি পিয়াহ অনুভৱ কৰাটো সাধাৰণ কথা, কিন্তু যদিহে অত্যধিক পিয়াহৰ বাবে প্ৰতি নিশাই টোপনি কমিবলৈ ধৰে তেন্তে ই এক চিন্তনীয় পৰিস্থিতি হ’ব পাৰে। সকলোৱে ৰাতিৰ টোপনি ভাল পায়, সুস্বাস্থ্যৰ বাবে আমি ৭ৰ পৰা ৮ ঘণ্টা শুব লাগে, কিন্তু কেতিয়াবা হঠাতে মাজনিশা আমি তীব্ৰ পিয়াহৰ অনুভৱ কৰো, যিয়ে টোপনিত ব্যাঘাত জন্মায়। এই সমস্যাৰ আঁৰৰ আচল কাৰণ কি জানো আহক-


বিশেষজ্ঞৰ মতে এজন সুস্থ ব্যক্তিক দৈনিক ৮ৰ পৰা ১০ গিলাচ পানীৰ প্ৰয়োজন। যদি আপুনি গোটেই দিনটো পানী কমকৈ খাই, তেন্তে ৰাতি শৰীৰে আমাক সংকেত দিব যে শৰীৰত পানীৰ নাটনি হৈছে। গতিকে নিয়মীয়াকৈ ডিঙি তিয়াই থাকিব।


ভাৰতত চাহ-কফি খোৱাৰ প্ৰতি আকৰ্ষিত লোকৰ অভাৱ নাই, কিন্তু ইয়াৰ ফলত স্বাস্থ্যৰ যথেষ্ট ক্ষতি হ’ব পাৰে। যিহেতু এই পানীয়বোৰত কেফেইনৰ পৰিমাণ বেছি থাকে যাৰ বাবে শৰীৰত পানীৰ পৰিমাণ কমিবলৈ আৰম্ভ কৰে আৰু সেইবাবে ৰাতি পিয়াহ লাগে।

সুস্থ হৈ থাকিবলৈ এদিনত মাত্ৰ ৫ গ্ৰাম নিমখ খাব লাগে। যদি আপুনি ইয়াতকৈ বেছি খাই তেন্তে ই নিশ্চিতভাৱে শৰীৰত বেয়া প্ৰভাৱ পেলাব। নিমখত ছডিয়াম থাকে যাৰ ফলত পানীলগা হয়, সেয়েহে প্ৰায়ে ৰাতি তীব্ৰ পিয়াহ অনুভৱ হয়।

দিনটোত পৰ্যাপ্ত পৰিমাণৰ পানী খাই থাকিব।
চাহ-কফি খোৱাৰ সীমিত কৰিব।
চোডা পানীয়ত কেফেইন থাকে, এইটোও পৰিহাৰ কৰিব।
নেমু পানী, মাখন, ফলৰ ৰস আদি খাদ্য গ্ৰহণ কৰক।
নিমখীয়া বস্তু, যেনে ফ্ৰেঞ্চ ফ্ৰাই আৰু চিপচ নাখাব।
মছলাযুক্ত খাদ্যইও পিয়াহ বৃদ্ধি কৰে, পৰাপক্ষত আঁতৰি থাকিব।

Leave A Reply