Breaking

গ্ৰীণ টি খাই ওজন কমাব বিচাৰে নেকি? কিন্তু ইয়াৰ ফলত স্বাস্থ্যৰ ক্ষতি হোৱাৰ সম্ভাৱনা…

0 70

গ্ৰীণ টিক স্বাস্থ্যকৰ পানীয় বুলি গণ্য কৰা হয়। কিন্তু যদি আপুনি অধিক গ্ৰীণ টি সেৱন কৰে তেন্তে ই আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। গ্ৰীণ টি খোৱাৰ বহু অসুবিধাও আছে। কাৰণ গ্ৰীণ টিৰ আয়ুৰ্বেদিক গুণ, আমি খাই ভাল পাওঁ। বিশেষকৈ যিসকলে ওজন কমাব বিচাৰে তেওঁলোকে গ্ৰীণ টি সেৱন কৰিব পাৰে। কিন্তু আমি এদিনত ২ কাপতকৈ বেছি গ্ৰীণ টি সেৱন কৰা উচিত নহয়। বেছিকৈ গ্ৰীণ টি খোৱাৰ বহু অসুবিধাও আছে-


আমাক দিনটোত ৭ৰ পৰা ৮ ঘণ্টা টোপনি ল’বলৈ পৰামৰ্শ দিয়া দিয়ে। কিন্তু যদি আপুনি প্ৰতিদিনে ২ কাপতকৈ অধিক গ্ৰীণ টি খাই তেন্তে আপুনি টোপনিৰ সমস্যাত পৰিব পাৰে আৰু তেতিয়া আপুনি খিংখিঙীয়া হৈ পৰিব।

অধিক গ্ৰীণ টি সেৱন কৰাটো আমাৰ পেটৰ বাবে ভাল নহয়, ই বদহজম, গেছ, বমি আদি সমস্যাৰ সৃষ্টি কৰিব পাৰে।

বেছিকৈ গ্ৰীণ টি সেৱন কৰিলেও আমাৰ ছালত প্ৰভাৱ পৰিব পাৰে। কাৰণ এই পানীয়ত পোৱা উপাদানসমূহে ছালৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।

অত্যধিক গ্ৰীণ টি চাহ খোৱা লোকসকলে প্ৰায়ে ভাগৰুৱা আৰু কম শক্তিৰ সন্মুখীন হয়।

অতিমাত্ৰা গ্ৰীণ টি সেৱন কৰিলে ভিটামিন আৰু খনিজ পদাৰ্থৰ অভাৱ হ’ব পাৰে। যাৰ ফলত স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে।

Leave A Reply