Breaking

চেঙা সমষ্টিৰ দক্ষিণ প্ৰান্তত চিকিৎসক সহ-বিধায়ক আশ্ৰাফুল হুছেইন, বন্যাৰ্তৰ মাজত খাদ্য সামগ্ৰী, দৰৱ বিতৰণ …

0 249

সোণতলী : সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটা জিলাৰ চেঙা বিধান সভা সমষ্টিতো বানে সংহাৰী ৰূপ ধাৰণ কৰিছিল৷ চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ সৈতে চিকিৎসকৰ দল লৈ প্ৰচণ্ড গৰমৰ মাজত যন্ত্ৰচালিত নাৱৰে আজি ব্ৰহ্মপুত্ৰৰ দক্ষিণ প্ৰান্তত  বিভিন্ন চৰাঞ্চল পৰিদৰ্শন কৰি বন্যাৰ্তৰ মাজত খাদ্য সামগ্ৰী,ঔষধ আৰু তিৰপাল বিতৰণ কৰে।

ভয়ংকৰ বানে চৰাঞ্চলৰ ৰাইজৰ যতেষ্ট ক্ষতি সাধন কৰে। সম্প্ৰতি পানী ক্ৰমাত শুকাবলৈ লোৱাৰ সময়ত মৰিচাকান্দি, মহিশখুটি, লক্ষীপুৰ, মহ’চৰা আদি চৰাঞ্চলৰ খেতি পথাৰ লগতে ৰাইজৰ যথেষ্ট লোকচানৰ সন্মুখীন হৈছিল।ইয়াৰ ওপৰিও পশুধনৰ যতেষ্ট ক্ষতিসাধন হৈছিল। পানী শুকাবলৈ লোৱাৰ সময়ত নানা ধৰণৰ বেমাৰ আজাৰ হ’ব পাৰে বুলি ভাবি বানাক্ৰান্তৰ মাজত ঔষধ বিতৰণ কৰে। বিধায়ক আশ্ৰাফুল হুছেইনৰ লগতে চিকিৎসকৰ দল লগত লৈ কাছুমাৰা মহচৰা এলেকাৰ বহু কেইটা অঞ্চল পৰিদৰ্শন কৰি বানাক্ৰান্তৰবুজ লয়৷

বানপানী কমাৰ লগে লগে অঞ্চলবোৰত বিভিন্ন বেমাৰে দেখা দিয়াৰ আগতে চিকিৎসকৰ দলটোৱে সু -পৰামৰ্শ আৰু দৰৱ বিতৰণ কৰে ৷ কেৱল সেয়াই নহয়- অনগাত দিনত যাতে বিশুদ্ধ খোৱা পানীৰ অভাৱ নহয় তাৰ বাবে দমকলৰ ব্যৱস্থা কৰে বিধায়ক আশ্ৰাফুল হুছেইনে৷  আনকি বানাক্ৰান্ত ৰাইজৰ মাজত কিছু পৰিমানে খাদ্য সামগ্ৰী,তিৰপাল বিতৰণ কৰে৷

প্ৰেৰকঃ ৰেজাউল কবিৰ

Leave A Reply