Donald Trump: ইৰাণৰ বিৰুদ্ধে ট্ৰাম্পৰ প্ৰথম পদক্ষেপ,পাৰমাণৱিক কাৰ্যসূচী ৰোধৰ বাবে তেল আমদানিত বাধা !

আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত ইৰাণৰ(Donald Trump) বিৰুদ্ধে প্ৰথম পদক্ষেপ গ্ৰহণ কৰে ড’নাল্ড ট্ৰাম্পে। তেওঁৰ চৰকাৰে ইৰাণৰ তেল ক্ৰয়ৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে। আমেৰিকাৰ কোষাগাৰ বিভাগৰ এই নিষেধাজ্ঞাৰ ফলত ইৰাণৰ পৰা তেল ক্ৰয় কৰা যিকোনো দেশ বা বাণিজ্যিক সত্তাই নিষেধাজ্ঞাৰ সন্মুখীন হ’ব পাৰে।

আমেৰিকাৰ কোষাগাৰ সচিব স্কট বেছাণ্টে ইৰাণ চৰকাৰে তেল ৰপ্তানিৰ ধন ব্যৱহাৰ কৰি সামৰিক পাৰমাণৱিক কাৰ্যসূচীৰ বিত্তীয় সাহায্য, দীৰ্ঘ দূৰত্বৰ বেলিষ্টিক মিছাইল আৰু ড্ৰ’ন নিৰ্মাণ আৰু সন্ত্ৰাসবাদীক সহায় কৰাৰ অভিযোগ উত্থাপন কৰিছে। সেই কাৰ্যক ৰোধ কৰিবলৈ এই পদক্ষেপ লোৱা হৈছে। ট্ৰাম্প চৰকাৰৰ এই পদক্ষেপে নতুন দিল্লী-তেহৰাণৰ বাণিজ্যিক সম্পৰ্কত প্ৰভাৱ পেলাব পাৰে বুলি আশংকা কৰা হৈছে। কাৰণ, আমেৰিকাৰ কোষাগাৰ বিভাগে কৈছে যে ভাৰত, চীন বা সংযুক্ত আৰব আমিৰশ্বাহীৰ যিকোনো কোম্পানীয়ে ইৰাণৰ পৰা তেল ক্ৰয় কৰিলে নিষেধাজ্ঞাৰ সন্মুখীন হ’ব পাৰে।যোৱা মঙলবাৰে ট্ৰাম্পে কয় যে আমেৰিকাই ইৰাণৰ বিৰুদ্ধে “সৰ্বোচ্চ হেঁচা”ৰ নীতি পুনৰ প্ৰৱৰ্তনৰ দিশত আগবাঢ়িছে।

Related Articles