Donald Trump: ট্ৰাম্পবিৰোধী প্ৰতিবাদে কঁপালে মাৰ্কিন মুলুক, ৰাজপথত জনতা

নিউয়ৰ্ক আৰু ৱাশ্বিংটনৰ ৰাজপথ কঁপি উঠিছে ট্ৰাম্পবিৰোধী(Donald Trump) প্ৰতিবাদত৷ ট্ৰাম্পৰ নীতিৰ বিৰোধিতা কৰি শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে হাজাৰ হাজাৰ লোকে৷ এই প্ৰতীবাদী পদযাত্ৰাৰ জৰিয়তে হিংসাত্মক পৰিস্থিতি বন্ধ কৰাৰ আহ৩ান উত্থাপন হৈছে৷ কেৱল সেয়াই নহয়, আমেৰিকাৰ ৰাজপথত পেলেষ্টাইনীসকলৰ সমৰ্থনত প্ৰতিবাদকাৰীসকলে মাত মাতিছে৷ মাত্ৰ চাৰি মাহ পূৰ্বে ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল৷

ইফালে আমেৰিকাত তেওঁৰ বিৰুদ্ধে আন্দোলন তীব্ৰতৰ হৈ পৰিছে৷ ৱাশ্বিংটন ডি চিৰ পৰা ছান ফ্ৰান্সিস্কোলৈকে– প্ৰতিবাদকাৰীৰ মাজত ক্ষোভৰ জুইকুৰা বাঢ়িছে৷ শনিবাৰে [আমেৰিকাৰ স্থানীয় সময় অনুসৰি] ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক৷ ট্ৰাম্পৰ বিৰুদ্ধে শ্লোগান দি হাতত প্লেকাৰ্ড লৈ মাইলৰ পিছত মাইল ৰাস্তাত খোজকাঢ়িছে৷ দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপতগ্ৰহণ কৰাৰ পিছৰে পৰা ট্ৰাম্পে ইটোৰ পিছত সিটো সিদ্ধান্ত ঘোষণা কৰিছে৷/অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰা, চৰকাৰী চাকৰিৰ পৰা অব্যাহতি দিয়া আৰু গাজা নীতি– ট্ৰাম্প প্ৰশাসনৰ এই কাৰ্যক দেশখনৰ নাগৰিকৰ এটা অংশই ভালদৰে গ্ৰহণ কৰা নাই৷ নিউয়ৰ্ক আৰু ৱাশ্বিংটনৰ ৰাজপথত বহু লোক৷

ট্ৰাম্পৰ নীতিৰ বিৰোধিতাৰে শ্লোগান দি ওলাই আহিছে৷ এই পদযাত্ৰাৰ জৰিয়তে হিংসাত্মক পৰিস্থিতি বন্ধ কৰাৰ আহ৩ান উত্থাপন হৈছে৷ প্ৰতিবাদকাৰীৰ ভাষাত ‘কোনো ভয় নাই, আমেৰিকাত অনুপ্ৰৱেশকাৰীক আদৰণি জনোৱা হৈছে’ কেৱল সেয়াই নহয়, আমেৰিকাৰ ৰাজপথত পেলেষ্টাইনীসকলৰ সমৰ্থনত প্ৰতিবাদকাৰীসকলেও মাত মাতিছে৷ তেওঁলোকে দাবী কৰে যে গাজা আৰু ইজৰাইলৰ যুদ্ধত ট্ৰাম্প প্ৰশাসনৰ নীতি সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য নহয়৷ শনিবাৰে সমগ্ৰ আমেৰিকাত ৭০০ৰো অধিক প্ৰতিবাদৰ আয়োজন কৰা হয়৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত ট্ৰাম্পে ইটোৰ পিছত সিটো বিতৰ্কিত সিদ্ধান্ত লৈছে৷ ইয়াৰ ভিতৰত বিভিন্ন প্ৰশাসনিক পদত ব্যাপক ছুটী, অনুপ্ৰৱেশকাৰীক বিতাড়ন, হিজৰাক স্বীকৃতি নিদিয়া, নতুন কৰ নীতি আদি৷ এই সকলোবোৰ লৈ ক্ষুব্ধ আমেৰিকাৰ এটা অংশ৷

ট্ৰাম্পৰ দ্বিতীয় কাৰ্যকালৰ বিৰুদ্ধে আন্দোলন প্ৰথমে প্ত এপ্ৰিলৰ পৰা আৰম্ভ হৈছিল৷ নাগৰিক অধিকাৰ সংগঠন, শ্ৰমিক সংঘ, প্ৰান্তীয় লিংগ আৰু যৌনতাৰ লোকৰ সংগঠন, বিভিন্ন ৰাজনৈতিক আন্দোলনৰ কৰ্মীকে ধৰি ৫০খন ৰাজ্যৰ ১৫০খনতকৈও অধিক গোটে সমগ্ৰ দেশৰ ১২০০ৰো অধিক স্থানত ‘হেণ্ডছ অফ’ প্ৰতিবাদৰ আয়োজন কৰে৷ নিউয়ৰ্ক, ক’লৰাডো, লছ এঞ্জেলছ, হিউষ্টন, ৱাশ্বিংটনৰ ৰাজপথলৈ উত্তেজনা বিয়পি পৰে৷ শ শ লোকে একে কথাই কৈছে– ‘আমেৰিকাৰ কোনো ৰজা নাই৷’ আমেৰিকাত ফেচিবাদে কাম নকৰিব৷’ ট্ৰাম্প আৰু টেছলাৰ চিইঅ’ ইলন মাস্কৰ বিৰুদ্ধেও আমেৰিকাৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ আৰম্ভ হৈছে৷

Related Articles