আমেৰিকাত ট্ৰাম্পৰ ঘনিষ্ঠ সোঁপন্থী (Donald Trump) নেতা চাৰ্লি কাৰ্কক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছে। সেই সময়ত ঘটনাৰ সময়ত আক্ৰমণকাৰীয়ে তেওঁৰ ওপৰত কেইবাজাঁয়ো গুলীচালনা কৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই হত্যাকাণ্ডক তীব্ৰ গৰিহণা দিয়ে। তেওঁ কয়, এয়া “ঘৃণনীয়। এয়া আমেৰিকাৰ ইতিহাসৰ অন্যতম ক’লা অধ্যায়। আক্ৰমণকাৰীক ৰেহাই দিয়া নহ’ব।”
৩১ বছৰীয়া কাৰ্ক আছিল ট্ৰাম্পৰ অন্যতম সহায়ক। ৰিপাব্লিকান পাৰ্টিলৈ যুৱ ভোটাৰক আকৰ্ষণ কৰাত তেওঁ মুখ্য ভূমিকা পালন কৰিছিল। শেহতীয়াকৈ তেওঁ ‘আমেৰিকান কামবেক ট্যুৰ’ নামৰ এক কাৰ্যসূচী আৰম্ভ কৰিছিল। য’ত তেওঁ আমেৰিকাৰ বিভিন্ন বিশ্ববিদ্যালয়ত ভাষণ দি আছিল। এই কাৰ্যসূচীৰ মূল বিষয়বস্তু আছিল দেশৰ যুৱ ভোটাৰক ট্ৰাম্প আৰু ৰিপাব্লিকান পাৰ্টিৰ কাষ চপাই অনা। সেই কাৰ্যসূচীৰ অংশ হিচাপে তেওঁ বৃহস্পতিবাৰে এখন বিশ্ববিদ্যালয়ত ভাষণ দি আছিল। সেই সময়ত দুস্কৃতিকাৰীয়ে তেওঁক লক্ষ্য কৰি গুলীচালনা কৰে। ৰক্তাক্ত অৱস্থাত থিতাতে তেওঁ ছলি পৰে । তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাতেই তেওঁৰ মৃত্যু হয়।
ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। দুৰ্বৃত্তৰ সন্ধানত অভিযান অব্যাহত আছে।আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে এই হত্যাকাণ্ডক তীব্ৰ গৰিহণা দিছে। তেওঁ নিজৰ ছ’চিয়েল মিডিয়া একাউণ্ট ট্ৰুথ ছ’চিয়েলত লিখিছে, ‘চাৰ্লি আছিল এজন মহান ব্যক্তি আছিল। সদায় সত্যৰ পক্ষত থিয় দিছিল। সকলোৱে তেওঁক ভাল পাইছিল। এনে এক জঘন্য ঘটনা আমেৰিকাৰ ইতিহাসৰ অন্যতম ক’লা অধ্যায় হৈয়েই আছে। তেওঁৰ আক্ৰমণকাৰীক ৰেহাই দিয়া নহ’ব। ইয়াৰ উপৰি দেশত ৰাজনৈতিক হিংসা বিয়পাই থকাসকলক ৰেহাই দিয়া নহ’ব।’ ট্ৰাম্পে দাবী কৰিছে যে উগ্ৰ বাওঁপন্থীয়ে আমেৰিকাত সন্ত্ৰাস বিয়পাইছে।

