দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰূপে শপতগ্ৰহণ ড’নাল্ড ট্ৰাম্পৰ।(Donald Trump) ট্ৰাম্পৰ লগতে শপত ল’লে উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সেও। দেশখনৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে পাঠ কৰোৱালে শপত বাক্য। শপত বাক্য পাঠ কৰোৱালে মুখ্য ন্যায়াধীশ জন ৰবাৰ্টে। শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কেইবাখনো দেশৰ প্ৰতিনিধিৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰূপে ড’নাল্ড ট্ৰাম্পে শপতগ্ৰহণ কৰিয়ে ইলন মাস্কক নতুন দায়িত্ব অৰ্পণৰ ঘোষণা কৰে। এটা নতুন বিভাগ গঠন কৰি দায়িত্ব দিয়া হ’ব ইলন মাস্কক।
আমেৰিকাৰ দক্ষিণ সীমান্তত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰি ট্ৰাম্পে কয় যে তেওঁ নিজৰ ‘ৰিমেইন ইন মেক্সিকো’ নীতি পুনৰ কাৰ্যকৰী কৰিব। তেওঁ ঘোষণা কৰে যে ‘সকলো অবৈধ প্ৰৱেশ তৎক্ষণাত বন্ধ কৰা হ’ব আৰু আমি অবৈধ অনুপ্ৰৱেশকাৰীক তেওঁলোকৰ দেশলৈ ঘূৰাই পঠোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিম।’ ট্ৰাম্পে কয়, ‘…আমি মেক্সিকো উপসাগৰৰ নাম সলনি কৰি আমেৰিকা উপসাগৰ কৰিম…’
ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে তেওঁ ‘চৰকাৰী সকলো চেঞ্চৰশ্বিপ তৎক্ষণাত বন্ধ কৰি আমেৰিকালৈ মুক্ত বাক্য ঘূৰাই অনা’ৰ কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰিব। লগতে ট্ৰাম্পে কয় যে মাত্ৰ দুটা লিংগৰ কথা উল্লেখ কৰাটো চৰকাৰৰ নীতি হ’ব। তৃতীয় লিংগক অমান্য ঘোষণা আমেৰিকাৰ। এতিয়াৰে পৰা পুৰুষ আৰু স্ত্ৰী লিংগকহে বৈধ ঘোষণা। শপতগ্ৰহণৰ পাছতে এই সিদ্ধান্ত ড’নাল্ড ট্ৰাম্পৰ।উদ্বোধনী ভাষণত ট্ৰাম্পে কয় যে “আমেৰিকাৰ সোণালী যুগ মাত্ৰ আৰম্ভ হৈছে।”
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয়, ‘আমি পুনৰবাৰ বিশ্বৰ শক্তিশালী সামৰিক বাহিনী সৃষ্টি কৰিম। আমি কেৱল আমি জয়ী হোৱা যুদ্ধৰ দ্বাৰাই নহয়, আমি শেষ কৰা যুদ্ধৰ দ্বাৰা আৰু হয়তো আমি কেতিয়াও প্ৰৱেশ কৰা যুদ্ধৰ দ্বাৰাও আমাৰ সফলতা জুখিম।’
ট্ৰাম্পে কয় যে এই সপ্তাহত ক’ভিড ভেকচিনৰ আদেশত আপত্তি কৰাৰ বাবে আমাৰ সেনাবাহিনীৰ পৰা অন্যায়ভাৱে বহিষ্কাৰ কৰা সকলো সেৱা সদস্যক পুনৰ নিযুক্তি দিম, তেওঁলোকক সম্পূৰ্ণ দৰমহা দিম আৰু আমাৰ যোদ্ধাসকলক কৰ্তব্যৰত অৱস্থাত যুদ্ধত যুঁজিবলৈ প্ৰয়োজনীয় স্বাধীনতা দিম।