ইলন মাস্কৰ নতুন দল গঠনক লৈ ট্ৰাম্পে (Donald Trump Elon Musk) কৰিলে উপহাস৷ উল্লেখ্য, শেহতীয়াকৈ ইলন মাস্কে মাৰ্কিন ৰাজনীতিত জোকাৰণি তুলি ‘আমেৰিকান পাৰ্টী’ নামৰ এটা নতুন ৰাজনৈতিক দল গঠন কৰাৰ কথা ঘোষণা কৰিছে৷ মাস্কৰ এনে ঘোষণাৰ পিছতে ট্ৰাম্পে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷
নতুন দলটোক ‘হাস্যকৰ’ বুলি অভিহিত কৰিছে ট্ৰাম্পে৷ ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত মাস্কৰ নতুন ৰাজনৈতিক দলৰ বিষয়ে লিখিছে৷ মাস্কৰ নতুন ৰাজনৈতিক দলটোক কোনো গুৰুত্ব দিবলৈ ইচ্ছুক নহয় বুলি উত্তৰত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে স্পষ্টকৈ কৈছে৷
ড’নাল্ড ট্ৰাম্পে লিখিছে– ‘মই নিশ্চিত যে ইলনে যোৱা পাঁচ সপ্তাহ ধৰি সম্পূৰ্ণ ভুল কৰি আছে৷’ আমেৰিকাৰ ৰাজনৈতিক ভিত্তি সদায় দুটা দলৰ৷ তাত আমেৰিকাৰ ধনকুবেৰ ইলন মাস্কে এটা নতুন ৰাজনৈতিক দল গঠন কৰিছে৷ তেওঁ ইয়াৰ নাম ৰাখিছে ‘আমেৰিকা পাৰ্টী’৷
আমেৰিকাৰ দ্বি-দলীয় ৰাজনৈতিক ব্যৱস্থাৰ কথা উল্লেখ কৰি ট্ৰাম্পৰ মন্তব্য– ‘আমেৰিকাত তৃতীয় ৰাজনৈতিক দল কেতিয়াও সফল হোৱা নাই৷ এই ব্যৱস্থাটো তেনেকৈ গঢ় দিয়া হোৱা নাই৷ ইয়াত তৃতীয় পক্ষই বিভ্ৰান্তিৰ সৃষ্টিহে কৰিব৷ ইয়াত তৃতীয় পক্ষ কেতিয়াও সফল নহয়৷’