Donald Trump: পাৰমাণৱিক চুক্তিক লৈ ইৰাণৰ সৈতে আলোচনা কৰিব ড’নাল্ড ট্ৰাম্পে

পাৰমাণৱিক চুক্তিক লৈ ইৰাণৰ সৈতে আলোচনা (Donald Trump) কৰিব বিচাৰিছে ড’নাল্ড ট্ৰাম্পে। কাটাৰৰ লুছাইল পেলেচত অনুষ্ঠিত ৰাতিৰ আহাৰ গ্ৰহণৰ সময়ত এই কথা কয় আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তেওঁ কয় যে আমি ইৰাণৰ অগ্ৰগতি আৰু সফলতা চাব বিচাৰো। কিন্তু ভয়ংকৰভাৱে নহয়, শান্তিপূৰ্ণভাৱে।” ইৰাণৰ সন্দৰ্ভত ট্ৰাম্পে কয়, “তেওঁলোকে বাৰে বাৰে যুদ্ধলৈ যায় আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়। “আমি পুনৰ তেনেকুৱা হ’বলৈ নিদিওঁ।”(iran)

বুধবাৰে ট্ৰাম্পে কয় যে উপসাগৰীয় ৰাষ্ট্ৰ কাটাৰত অশৃংখলতা হৈছে। আমিৰ আল-থানীক প্ৰশংসা কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে কাটাৰত অভিযান্ত্ৰিক আৰু অন্যান্য উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা কৃতিত্বৰ বাবে এই দেশখনে নিজৰ নেতাক লৈ গৌৰৱ অনুভৱ কৰিছে। গাজাত হামাছে পণবন্দী কৰি ৰখা আমেৰিকাৰ নাগৰিকক উদ্ধাৰৰ ক্ষেত্ৰত কাটাৰে লোৱা ভূমিকাৰ বাবেও ট্ৰাম্পে বিশেষ কৃতজ্ঞতা প্ৰকাশ কৰে। আইডান আলেকজেণ্ডাৰৰ মুক্তি নিশ্চিত কৰাৰ ক্ষেত্ৰত কাটাৰৰ ভূমিকাক লৈ তেওঁ আশাবাদী। বাকী থকা আমেৰিকান পণবন্দীসকলক মুকলি কৰি দিয়াৰ ক্ষেত্ৰতো তেওঁ আশাবাদী।

আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ মতে, আমেৰিকা আৰু কাটাৰৰ বন্ধুত্বই সৰ্বোচ্চ স্তৰত উপনীত হৈছে, যিটো আগতে কেতিয়াও দেখা পোৱা নাছিল। ট্ৰাম্পৰ বৰ্তমানৰ পশ্চিম এছিয়া ভ্ৰমণৰ লক্ষ্য হৈছে ১ ট্ৰিলিয়ন ডলাৰৰ বিনিয়োগ নিশ্চিত কৰা। বুধবাৰে চৌদি আৰৱ ভ্ৰমণৰ সময়ত ট্ৰাম্পে ৬০০ বিলিয়ন ডলাৰৰ দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগ চুক্তিত স্বাক্ষৰ কৰে। চুক্তি অনুসৰি ছৌদি আৰবে আমেৰিকাৰ পৰা ১৪২ বিলিয়ন ডলাৰৰ অস্ত্ৰ-শস্ত্ৰ আৰু সামৰিক সঁজুলিও ক্ৰয় কৰিব। অৱশ্যে কাটাৰৰ পৰা তেওঁ কিমান বিনিয়োগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল সেয়া এতিয়াও নিশ্চিতভাৱে জানিব পৰা হোৱা নাই। অৱশ্যে প্ৰতিৰক্ষা আৰু কাটাৰ এয়াৰৱেজৰ বাবে প্ৰায় এশখন বিমান ক্ৰয় কৰাকে ধৰি দুয়োখন দেশৰ মাজত কেইবাটাও চুক্তিত উপনীত হৈছে। সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি কাটাৰে আমেৰিকাৰ পৰা ২০০ বিলিয়ন ডলাৰতকৈ অধিক মূল্যৰ ১৬০খনতকৈও অধিক বিমান ক্ৰয় কৰিব। লগতে ক্ৰয় কৰা হ’ব ড্ৰ’ন। অৱশ্যে হোৱাইট হাউছৰ তথ্যৰ উদ্ধৃতি দি আল জাজিৰাই কাটাৰে ৯৬ বিলিয়ন ডলাৰৰ ২১০খন বিমান ক্ৰয় কৰিব বুলি প্ৰকাশ কৰিছে।

আনহাতে, ৰাতিৰ আহাৰ গ্ৰহণৰ শেষত ট্ৰাম্প আৰু তামিম-বিন-হামাদ-আল-থানীয়ে ২০২৬ চনৰ ফুটবল বিশ্বকাপৰ স্মাৰকপত্ৰত স্বাক্ষৰ কৰে। ক’বলৈ গ’লে ২০২৬ চনৰ ফুটবল বিশ্বকাপৰ আয়োজন কৰিব আমেৰিকা, মেক্সিকো, আৰু কানাডাই। ইয়াৰ পূৰ্বে কাটাৰে ২০২২ চনত ফুটবল বিশ্বকাপ আয়োজন কৰিছিল।এই অনুষ্ঠানৰ বাবে ট্ৰাম্পে কাটাৰক অতিশয় প্ৰশংসা কৰিছিল।

Related Articles