Donald Trump: ‘অপাৰেচন সিন্দুৰ’ক লৈ ট্ৰাম্পৰ নতুন দাবী, ‘চাৰি-পাঁচখন যুদ্ধবিমান ধ্বংস হ’ল’।

পেহেলগামৰ হিংসাত্মক ঘটনাৰ পিছত ৭-১০ (Donald Trump) মে’ত ভাৰত-পাকিস্তানৰ সংঘাত বন্ধ কৰাৰ ক্ষেত্ৰত মধ্যস্থতাকাৰী ভূমিকা গ্ৰহণ কৰা বুলি পুনৰ দাবী কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিৰ কৃতিত্ব বিগত দুমাহত প্ৰায় বহুবাৰ দাবী কৰিছে ড’নাল্ড ট্ৰাম্পে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এইবাৰ দাবী কৰে যে ‘অপাৰেচন সিন্দুৰ’ৰ সময়ত দুয়োখন দেশৰ সংঘাতত কমেও চাৰি-পাঁচখন যুদ্ধ বিমান ধ্বংস হৈছিল। কিন্তু পেহেলগামৰ হত্যাকাণ্ডৰ পাছত ৭-১০ মে’ত ভাৰত-পাকিস্তান সংঘাতত কোনখন দেশৰ পৰা কিমানখন বিমান ধ্বংস হৈছিল সেই সন্দৰ্ভত ট্ৰাম্পে একো কোৱা নাছিল।

শুকুৰবাৰে ৰিপাব্লিকান পাৰ্টিৰ চিনেটৰ আৰু হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভৰ সদস্যসকলৰ বাবে অনুষ্ঠিত হোৱা ৰাতিৰ আহাৰত ট্ৰাম্পে কয়, “আমি বহু যুদ্ধ বন্ধ কৰি দিলোঁ। আৰু ই যথেষ্ট গুৰুতৰ আছিল। ভাৰত আৰু পাকিস্তানৰ মাজত কি চলি আছিল। যুদ্ধ বিমান গুলীয়াই পেলোৱা হৈছিল। চাৰি-পাঁচখন। কিন্তু মই ভাবো যে পাঁচখন জেট বিমান আচলতে ধ্বংস হৈছিল। দুখন পাৰমাণৱিক অস্ত্ৰধাৰী দেশে যুদ্ধ কৰিছিল। আচলতে এয়া আছিল এক নতুন ধৰণৰ যুদ্ধ।”

২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে ইয়াৰ বাবে পাকিস্তানক দোষাৰোপ কৰি কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছিল। ‘অপাৰেচন সিন্দুৰ’ৰ প্ৰতিশোধমূলক অভিযানত ভাৰতীয় সেনাই ৬ মে’ৰ মাজনিশা পাকিস্তানক আক্ৰমণ কৰে। কেতবোৰ সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰে ভাৰতীয় সেনাই। ইয়াৰ পিছত পাকিস্তানেও প্ৰতিশোধ লয়। চাৰিদিন ধৰি দুয়োখন দেশৰ মাজত সংঘাত অব্যাহত আছিল। ১০ মে’ত ভাৰত আৰু পাকিস্তানে যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰে। এই যুদ্ধবিৰতি দুয়োখন দেশৰ সামৰিক বাহিনীৰ সামৰিক অভিযান সঞ্চালক প্ৰধান (DGMO) পৰ্যায়ত পাৰস্পৰিক আলোচনাৰ ভিত্তিত কৰা হৈছিল।

অৱশ্যে উল্লেখযোগ্যভাৱে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিৰ কথা প্ৰথম ঘোষণা কৰিছিল ট্ৰাম্পে। ইয়াৰ পিছত তেওঁ কেইবাবাৰো দাবী কৰিছে যে দক্ষিণ এছিয়াৰ দুয়োখন পাৰমাণৱিক অস্ত্ৰধাৰী দেশৰ মাজত যুদ্ধবিৰতিত তেওঁৰ কৃতিত্বআছিল। অৱশ্যে ইছলামবাদে ট্ৰাম্পৰ ক্ৰেডিট মানি লৈছিল যদিও নতুন দিল্লীয়ে তেওঁৰ দাবী মানি লোৱা নাছিল। এই সংঘাতৰ সময়ত পাঁচখন ভাৰতীয় যুদ্ধ বিমান ধ্বংস হোৱা বুলি দাবী কৰিছিল পাকিস্তানে। ভাৰতীয় সেনা প্ৰধান জেনেৰেল অনিল চৌহানে কৈছিল যে অপাৰেচন সিন্দুৰৰ সময়ত পাকিস্তানৰ আক্ৰমণত ভাৰতীয় যুদ্ধ বিমান ধ্বংস হৈছিল। অৱশ্যে কিমান যুদ্ধবিমান ধ্বংস হৈছিল সেই কথা তেওঁ কোৱা নাই।

Related Articles