Donald Trump: ‘প্ৰত্যাহাৰ নকৰো’: আমেৰিকাৰ শুল্কৰ নীতিকলৈ বিশ্বজুৰি হোৱা প্ৰতিক্ৰিয়াৰ মাজতে ক’লে ট্ৰাম্পে

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কৈছে যে তেওঁ বিশ্বৰ বেছিভাগ(Donald Trump) দেশৰ ক্ষেত্ৰত আৰোপ কৰা শুল্ক প্ৰত্যাহাৰ নকৰে। যদিহে দেশসমূহে আমেৰিকাৰ সৈতে নিজৰ বাণিজ্যক সমতা স্থাপন নকৰে তেন্তে মন্দাৱস্থাৰ আশংকা বৃদ্ধি পাব। ট্ৰাম্পে লগতে কয়, “কেতিয়াবা কিবা এটা ঠিক কৰিবলৈ ঔষধ খাব লাগে।”

সোমবাৰে বিশ্বৰ বিত্তীয় বজাৰসমূহে তীব্ৰ অৱনতিৰ সন্মুখীন হয়। এনে সময়তে ট্ৰাম্পে আৰোপ কৰা শুল্ক কোনো কাৰণতে প্ৰত্যাহাৰ কৰা নহয় বুলি মন্তব্য কৰিছে। ট্ৰাম্পে আৰোপ কৰা শুল্ক উঠাই লোৱাৰ বাবে ৫০খনতকৈও অধিক ৰাষ্ট্ৰই আলোচনা আৰম্ভ কৰিছে। কিন্তু এই কথাই মুঠেও স্থিতি সলনি কৰিব পৰা নাই ট্ৰাম্পৰ। উল্লেখ্য বুধবাৰৰ পৰা ট্ৰাম্পে আৰোপ কৰা এই উচ্চ হাৰ সংগ্ৰহ কৰা হ’ব, যাৰ ফলত অৰ্থনৈতিক অনিশ্চয়তাৰ নতুন যুগৰ সূচনা হ’ব বুলি বহুতে আশংকা ব্যক্ত কৰিছে। মাৰ্কিন আমোলা বেচেণ্টে কয় “আমি যি কৰিছো সেয়া হৈছে সমৃদ্ধিৰ বাবে দীৰ্ঘম্যাদী অৰ্থনৈতিক মৌলিক দিশসমূহ গঢ়ি তোলাৰ বাবে কৰা কাম।”

উল্লেখ্য ট্ৰাম্পৰ এনে সিদ্ধান্তৰ ফলতে দেওবাৰে সন্ধিয়া ইউ.এছ. ডাউ জ’নছ ইণ্ডাষ্ট্ৰিয়েল এভাৰেজ আৰু এছ এণ্ড পি ৫০০ ফিউচাৰ প্ৰায় ৪% হ্ৰাস পোৱাৰ বিপৰীতে নাছডাকৰ ফিউচাৰ প্ৰায় ৫% হ্ৰাস পাইছে। আনকি যোৱা সপ্তাহত তুলনামূলকভাৱে সুস্থিৰ হৈ থকা বিটকইনৰ মূল্য দেওবাৰে প্ৰায় ৬% হ্ৰাস পাইছে। ২ এপ্ৰিলত ঘোষণা কৰা ট্ৰাম্পৰ শুল্ক নীতিয়ে বিশ্বৰ বিভিন্ন দেশক ক্ষোভিত কৰি তুলিছে।

এই বিষয়ত আলোচনা কৰিবলৈ ৫০খনতকৈও অধিক ৰাষ্ট্ৰই হোৱাইট হাউছক প্ৰস্তাৱ দিছে। ওঅস্থিৰতা বৃদ্ধি কৰি এই নতুন শুল্কই ইজৰাইলকে ধৰি আমেৰিকাৰ মিত্ৰ আৰু বিৰোধী দেশসমূহক একেদৰেই আঘাত কৰিছে। প্ৰাভাদ দেশেই কমেও ১৭% শুল্কৰ সন্মুখীন হৈছে। ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীয়ে কয় যে তেওঁ ট্ৰাম্পৰ এই পদক্ষেপৰ সৈতে একমত নহয়। ইপিনে মাৰ্কিন বাণিজ্য সচিব হাৱাৰ্ড লুটনিকে স্পষ্ট কৰি দিছে যে শুল্ক প্ৰত্যাহাৰ কৰাৰ কোনো লক্ষণ নাই।তেওঁ কয় “শুল্ক আহি আছে।অৱশ্যেই আহিছে।’

Related Articles