কৈৱৰ্ত নৱজাগৰণ সাহিত্য আৰু সামাজিক মঞ্চৰ সূৰ্যোদয় পুথিভঁৰাললৈ গ্ৰন্থ আৰু বাকচ দান

কৈৱৰ্ত নৱজাগৰণ সাহিত্য আৰু সামাজিক মঞ্চ’ অসমৰ এক জনপ্ৰিয় ফেচবুক গোট। নতুন নতুন শিতানেৰে দৈনিক জীপাল হৈ থকা ‘কৈৱৰ্ত নৱজাগৰণ সাহিত্য আৰু সামাজিক মঞ্চ’ গোটৰ উদ্দেশ্য আৰু কৰ্ম সদায়ে চকুত লগা। বিভিন্ন সময়ত সহায়ৰ হাত আগবঢ়াই গোটটোৱে সমাদৰ বুটলিবলৈ সক্ষম হৈছে। আৰ্থিক অনুদান,গ্ৰন্থদান আদি তেওঁলোকে মাজে-সময়ে কৰি আহিছে। ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত পুঠিমাৰী গাঁৱৰ সূৰ্যোদয় পুথিভঁৰাললৈ আজি গোটৰ পৰা গোটৰ হৈ কিৰণ দাসে এটি বাকচ আৰু ৩৫ খন গ্ৰন্থ সূৰ্যোদয় পুথিভঁৰালৰ মুখ্য পৰিচালক পৰেশ দাসৰ হাতত অৰ্পণ কৰে। বৈষ্ণৱ প্ৰাণ ভকত লক্ষীৰাম দুৱৰা দাসে ২৩খন, তুলসী প্ৰভা দাসে ৩খন, নয়নমণি দাসে ২খন,কিৰণ দাসে ৫খন গ্ৰন্থ আৰু এটি বাকচ অৰ্পণ কৰে। পৰেশ দাসে আঁত ধৰা কাৰ্যসূচীত  সূৰ্যোদয় পুথিভঁৰালৰ হৈ এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই পুথিভঁৰালৰ পৰিচালক বিনোদ দাসে। অনাগত সময়তো সূৰ্যোদয় পুথিভঁৰালৰ লগত থাকি দিহা-পৰামৰ্শ দিয়াৰ লগতে সহায় সহযোগিতা কৰি থাকিব বুলি গোটৰ হৈ কিৰণ দাসে জানিবলৈ দিয়ে। গ্ৰন্থ, বাকচ অৰ্পণ কৰা সময়ত উপস্থিত থাকে সূৰ্যোদয় পৰিয়ালৰ সদানন্দ দাস, দেচডিমনা দাস,কৰিশ্মা দাস,বনশ্ৰী দাস,সাগৰমনি দাস আদি। অনুষ্ঠানৰ শেষত সূৰ্যোদয় পুথিভঁৰালে ‘কৈৱৰ্ত নৱজাগৰণ সাহিত্য আৰু সামাজিক মঞ্চ’ৰ দীৰ্ঘায়ু কামনা কৰে।

Related Articles