মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ বৰীপাৰা প্ৰাথমিক বিদ্যালয়ৰ মাতৃগোটৰ অনুদান

ক’ভিড কালিন পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ ৰাজ্যৰ জনতাক সহায়ৰ হাত আগবঢ়াব অনুৰোধ জনাইছিল মুখ্যমন্ত্ৰীয়ে। সেয়ে মুখ্যমন্ত্ৰীৰ আহ্বানক সন্মান জনাই কামৰূপ জিলাৰ বকো প্ৰাথমিক শিক্ষা খণ্ডৰ অধিনৰ বৰীপাৰা প্ৰাথমিক বিদ্যালয়ৰ মাতৃগোটে আজি একগোট হৈ পৰিয়ালৰ পৰা অৰ্থ সংগ্ৰহ কৰি মুঠ পাঁচ হাজাৰ এক টকা বৰঙণি হিচাপে আগবঢ়ায়। আজি এক আনুষ্ঠানিক কাৰ্য্যসুচীৰে বিদ্যালয় প্ৰাঙ্গনত মোৱাইল বেংকিং ব্যৱস্থাৰে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ এই ধন প্ৰদান কৰে। উল্লেখ্য যে ; বকো বৰীপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অমিয় কুমাৰ ৰয়ৰ তৎপৰতাত বিদ্যালয় পৰিচালনা সমিতিৰ সহযোগত আৰু মাতৃগোটৰ উদ্যোগত বৰঙণি সংগ্ৰহ কৰি প্ৰদান কৰা হয় উক্ত সাহাৰ্য্য পুঁজি। সাহাৰ্য্য পুঁজিলৈ অৰ্থ প্ৰদান কৰা অনুস্থানত উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ সমালোচক তথা হেকেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড: গণেশ্বৰ চহৰীয়া ; বৰীপাৰা প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ভদ্ৰেশ্বৰ ৰাভাৰ লগতে পৰিচালনা সমিতিৰ বিষয় ববীয়া সকল ; মাতৃগোটৰ সভানেত্ৰী উৰ্মিলা ৰাভা ; সম্পাদিকা চিনু ৰাভা সহ বহু কেইগৰাকী মহিলা। প্ৰকাশ্য যে ; সম্পুৰ্ণ ক’ভিড প্ৰ’টকল মানি বিদ্যালয় চৌহদত সমবেত হৈ প্ৰদান কৰে উক্ত সাহাৰ্য্য পুঁজি।

Related Articles