-যি সময়ত আমাৰ ৰাজ্যত বহু আপুৰুগীয়া সম্পদ সংৰক্ষণৰ অভাৱত উৱলি যোৱা পৰিলক্ষিত হয়,তেনেক্ষেত্ৰত নাজিৰাৰ জতকীয়া লাহন গাঁৱৰ বয়োজ্যেষ্ঠ আদৰ্শৱান সমাজকৰ্মী জীৱকান্ত লাহন আৰু তেওঁৰ সহধৰ্মীনি ফুলেশ্বৰী লাহনে পুত্ৰ তথা নাজিৰা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্র টৈলেন লাহনৰ অনুপ্ৰেৰণাত চাৰিখনকৈ আপুৰুগীয়া সাঁচিপাতৰ পুথি সংৰক্ষণৰ বাবে নাজিৰা মহাবিদ্যালয়ৰ কেন্দ্ৰীয় পুথিভঁৰাললৈ দান কৰে । গ্ৰন্থাগাৰিক ড০ ৰাজেন্দ্ৰ মোহন দেৱ শৰ্মা আৰু সহকাৰী অধ্যাপক ৰাজীৱ কলিতাই দানৰ এই মহানুভতাক সহৃদয়ে গ্ৰহণ কৰি মহাবিদ্যালয় পৰিয়ালৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে আজিও অসমৰ চুকে -কোণে সিচৰতি হৈ থকা বহু অমূল্য সাঁচিপাতৰ পুথি আৰু গ্ৰন্থ সংৰক্ষণৰ বাবে উন্নত পুথিভঁৰালত দান কৰিবলৈ সকলোকে আহ্বান জনায়।