Breaking

মহাবিদ্যালয়ত নাথাকিব একাদশ আৰু দ্বাদশ শ্ৰেণী

0 2,021

মহাবিদ্যালয়ত নাথাকিব একাদশ আৰু দ্বাদশ শ্ৰেণী ।বিদ্যালয় সমুহ উত্তৰণ ঘটোৱা হব দ্বাদশ শ্ৰেণীলৈ।মহাবিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণী আৰম্ভ কৰা চিন্তা চৰ্চা ।বুধবাৰে খানাপাৰাত অনুষ্ঠিত এক সংবাদ মেলত শিক্ষাবিভাগে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ ওপৰত আলোকপাত কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে । নতুন শিক্ষানীতি সন্ধৰ্ভতো গুৰুত্বপুৰ্ণ মন্তব্য শিক্ষামন্ত্ৰীৰ । কলেজ সমুহৰ পৰা একাদশ আৰু দ্বাদশ শ্ৰেণী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ সমুহলৈ অনা হব । ২০২৩ চনলৈ সম্পুৰ্ণ কৰা হব এই সমগ্ৰ প্ৰক্ৰিয়া । ৰাজধানী গুৱাহাটীত দুদিনীয়া কাৰ্যসুচীৰে অনুষ্ঠিত হব শিক্ষা সন্মিলন । ২০ আৰু ২১ নৱেম্বৰত অনুষ্ঠিত হব লগা সন্মিলনত নতুন শিক্ষানীতিৰ ওপৰত এক আলোচনা অনুষ্ঠিত হব । শিক্ষা সন্মিলন সন্ধৰ্ভত বিস্তৃত ভাৱে বাখ্যা কৰে শিক্ষা সচিব ননীগোপাল মহন্তই ।

Leave A Reply