Breaking

ৰাজনীতি নকৰো, পুনৰ নিজৰ ক্লিনিকলৈ উভতি যাম, টিকট নোপোৱাৰ পিছতে ঘোষণা ডাঃ হৰ্ষ বৰ্ধনৰ

0 18

ৰাজনীতি নকৰে ডাঃ হৰ্ষ বৰ্ধনে৷ তেওঁ পুনৰ চিকিৎসা বৃত্তিলৈ উভতি যাব৷ বিজেপিয়ে হৰ্ষ বৰ্ধনৰ ঠাইত চান্দনী চক লোকসভা আসনৰ প্ৰাৰ্থী হিচাপে প্ৰবীণ খাণ্ডেলৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে৷ এই কথাতে বেজাৰ পাইছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা দুবাৰৰ সাংসদ হৰ্ষ বৰ্ধনে ৷ তেওঁ লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে শনিবাৰে ঘোষা কৰা ১৯৫জনীয়া প্ৰাৰ্থী তালিকাৰ পৰা বাদ পৰাৰ পাছতে ৰাজনীতি ত্যাগ কৰি পুনৰ চিকিৎসা বৃত্তিলৈ উভতি অহাৰ সিদ্ধান্ত ঘোষণা কৰিছে। হৰ্ষ বৰ্ধনে নৰেন্দ্ৰ মোদী চৰকাৰত স্বাস্থ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। কেন্দ্ৰীয় চৰকাৰৰ প্ৰাক্তন স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে আজি লিখিছে, প্ৰথমে পলিঅ’মুক্ত ভাৰত গঢ়ি তোলাৰ দিশত কাম কৰিবলৈ আৰু তাৰ পাছত প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত ভয়ংকৰ ক’ভিড-১৯ৰ সৈতে যুঁজি থকা আমাৰ লাখ লাখ দেশবাসীৰ স্বাস্থ্যৰ যত্ন ল’বলৈ সক্ষম হোৱাৰ বাবে মোক প্ৰদান কৰা বিৰল সুযোগ আছিল।

উল্লেখযোগ্য যে ২০২১ৰ মাজভাগত ক’ভিড-১৯ সংকটৰ সময়ত হৰ্ষ বৰ্ধনৰ ঠাইত মনসুখ মাণ্ডৱিয়াক স্বাস্থ্যমন্ত্ৰী হিচাপে নিযুক্ত কৰা হৈছিল। হৰ্ষ বৰ্ধনে কয়, মই স্বীকাৰ কৰিব লাগিব যে ভাৰতৰ ইতিহাসৰ আটাইতকৈ গতিশীল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰাটো মই এক ডাঙৰ সৌভাগ্য বুলি বিবেচনা কৰোঁ। তেওঁ লগতে কয় যে তেওঁ ধপাত আৰু নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজিবলৈ, জলবায়ু পৰিৱৰ্তনৰ মোকাবিলা কৰিবলৈ আৰু পোনপটীয়া আৰু বহনক্ষম জীৱনশৈলীৰ বাবে কাম কৰি যাব। কৃষ্ণ নগৰত থকা মোৰ ইএনটি ক্লিনিকেও মই উভতি যোৱালৈ অপেক্ষা কৰি আছে৷ ডাঃ হৰ্ষ বৰ্ধনৰ এনে সিদ্ধাক বহুতেই আদৰণি জনাইছে৷

Leave A Reply