Breaking

এই ৫টা ৰোগত আক্ৰান্ত ৰোগীয়ে ভুলতেও সেৱন নকৰিব কফি…

0 124

ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে সকলোৱে চাহ-কফি খোৱাটো সাধাৰণ কথা। কিন্তু স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে ৫টা ভিন্ন প্ৰকাৰৰ ৰোগত আক্ৰান্ত লোকে ভুলতে কফি খোৱা উচিত নহয়, নহ’লে চিকিৎসালয়ত ভৰ্তি হ’ব লাগিব। উদ্বেগজনক সমস্যা থকা লোকৰ বাবে কফি খোৱাটো ক্ষতিকাৰক। কফি সেৱনে অস্থিৰতা সৃষ্টি কৰিব পাৰে, যাৰ ফলত পেনিক এটেক হ’ব পাৰে। কফি অত্যধিক সেৱনেও মানসিক চাপ বৃদ্ধি কৰে। গৰ্ভাৱস্থাত কফি সেৱন কৰাটো পৰিহাৰ কৰিব লাগে। চিকিৎসকৰ মতে, অধিক পৰিমাণে কফি খালে ৰক্ত সঞ্চালনত ব্যাঘাত জন্মে, যাৰ ফলত গৰ্ভত ভ্ৰুণৰ বিকাশত সমস্যাৰ সৃষ্টি হয়।

ইয়াৰ বাবে মিছ-কেৰেজও হ’ব পাৰে। মাইগ্ৰেইনৰ সমস্যাত ভুগি থকা লোকসকলেও কফি খোৱাৰ পৰা বিৰত থাকিব লাগে। ইয়াৰ কাৰণ হ’ল কফিত থকা কেফেইনৰ ফলত মগজুৰ স্নায়ু বন্ধ হৈ যাব পাৰে। যাৰ বাবে তেজ চলাচলত ব্যাঘাত জন্মালে মাইগ্ৰেইন বৃদ্ধি পাব পাৰে। উচ্চ বিপি ৰোগত আক্ৰান্ত লোক সকলে খাব নালাগে কফি। এনে কৰিলে ৰক্তচাপ বৃদ্ধি পায়। ইয়াৰ লগতে অনিদ্ৰা আৰু হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাও আৰম্ভ হয়।

Leave A Reply