Breaking

‘মোক নামাৰিবা’: কাতৰ আহ্বানৰ পিছতো হামাছে মটৰ চাইকেলত তুলি লৈ গ’ল ইজৰাইলী যুৱতীক…

0 188

‘মোক নামাৰিবা’: কাতৰ আহ্বানৰ পিছতো হামাছে মটৰ চাইকেলত তুলি লৈ গ’ল ইজৰাইলী যুৱতীক , গাজাত শ শ ইজৰাইলীক হত্যা

এক ভাবিব নোৱাৰা দৃশ্য এতিয়া বিৰাজ কৰিছে গাজাত।গাজা ষ্ট্ৰীপ এতিয়া মানৱতাৰ বধ্যভূমিত পৰিণত হৈছে। হামাছ সন্ত্ৰাসবাদীয়ে গাজাত বহু ইজৰাইলী লোকক অতি নিষ্ঠুৰ ভাবে হত্যা কৰিছে। যুৱতীগৰাকীয়ে কেইদিনমান পূৰ্বে শ্ৰীলংকা ভ্ৰমণৰ কৰি ঘৰলৈ উভতি আহিছিল। বহু দিনৰ মূৰত তেওঁ তেওঁৰ বন্ধুবৰ্গৰ সৈতে ট্ৰেন্স মিউজিক ফেষ্টিভেললৈ গৈছিল। সেই ঠাইখনক কিবুটজ-ই-ৰিম বুলি কোৱা হয়, ঠিক গাজা ষ্ট্ৰিপৰ দৰে। কিন্তু হামাছৰ সন্ত্ৰাসবাদীৰ এটা দলে সকলোৰে চকুৰ সন্মুখতে ২৫ বছৰীয়া ইজৰাইলী যুৱতী নোহ আৰ্গামনিক অপহৰণ কৰি নিয়ে। নোহৰ অপহৰণৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে। “মোক হত্যা নকৰিব,” যুৱতীগৰাকীয়ে ভিডিঅ’টোত কান্দি কান্দি কোৱা দেখা গৈছে ।

সন্ত্ৰাসবাদীয়ে যুৱতীগৰাকীৰ এজন বন্ধুকো হত্যা কৰাৰ উদ্দেশ্য লৈ যোৱা দেখা গৈছে। প্ৰেমিক আভি নাথনে যুৱতীগৰাকীক মটৰ চাইকেলত উঠাই লৈ যোৱাৰ দৃশ্য অসহায়ভাৱে মাথো চাই ৰৈছে…
এই ঘটনাৰ পিছতে নাথনৰ ভাতৃয়ে কৈছে “মই ফোনত কাকো বিচাৰি পোৱা নাই। আমি এতিয়া বহুত চিন্তিত। ”
কেৱল নোহ বা নাথনেই নহয়, ইজৰাইলে অভিযোগ কৰিছে যে হামাছে শ শ ইজৰাইলী নাগৰিকক অপহৰণ কৰিছে। তেওঁলোকক অকথ্যভাৱে নিৰ্যাতন চলোৱা হৈছে। ছ’চিয়েল মিডিয়াত আন এটা ভিডিঅ’ ভাইৰেল হৈছে, য’ত হামাছৰ অত্যাচাৰৰ আন এখন ছবি বন্দী হৈছে।

ভিডিঅ’টোত এটা ইজৰাইলী পৰিয়ালক হামাছৰ জিম্মাত থকা দেখুওৱা হৈছে। দেউতাক, মাতৃ আৰু তিনিটা সন্তান। ভিডিঅ’টোত, উগ্ৰপন্থীসকলক সকলোৰে চকুৰ সন্মুখত দুগৰাকী ছোৱালীৰ এগৰাকীক গুলীয়াই হত্যা কৰা দেখা গৈছে। কনিষ্ঠ কন্যাগৰাকীয়ে কান্দি কান্দি দেউতাকক সুধিছে, “দেউতা, আপোনাৰ হাতত তেজ কিয় লাগিছে?” ।
হৃদয়বিদাৰক ভিডিঅ’টো ইজৰাইলৰ সাংবাদিক ইণ্ডিয়া নাফটালিয়ে এক্স-হেণ্ডেলত পোষ্ট কৰিছে। সাংবাদিকগৰাকীয়ে লিখিছে “ইজৰাইলী পৰিয়ালটোক হামাছ উগ্ৰপন্থীয়ে অপহৰণ কৰিছিল আৰু কেমেৰাৰ আগলৈ লৈ আহিছিল। পৰিয়ালটোৰ এজন সন্তানক সকলোৰে চকুৰ সন্মুখত গুলীয়াই হত্যা কৰা হৈছিল। এই ঘটনাটোৱে বৰ্বৰতাৰ সকলো সীমা অতিক্ৰম কৰিছে। পৃথিৱীৰ সকলোৱে জানিব লাগে যে ইয়াত কি হৈ আছে। পৃথিৱীৰ সকলোৱে এই নিষ্ঠুৰতা বন্ধ কৰিবলৈ আগবাঢ়ি আহক। ”

Leave A Reply