‘কোনো ভুল নকৰিব…’: প্ৰধানমন্ত্ৰী মোদীক অপমান , কংগ্ৰেছক সতৰ্ক কৰি দিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

শেহতীয়াকৈ কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেৰাই প্ৰধানমন্ত্ৰী মোদীক কটাক্ষ কৰি “নৰেন্দ্ৰ গৌতম দাস মোডী” বুলি উল্লেখ কৰাৰ কথাই এতিয়া গেৰুৱা বাহিনীত ক্ষোভৰ বিস্ফোৰণ ঘটাইছে। কংগ্ৰেছ নেতা খেৰা এতিয়া বিজেপিৰ নেতাসকলৰ সমালোচনাৰ লক্ষ্য হৈ পৰিছে। এনে সময়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খেৰাক সতৰ্ক কৰি দি কয় যে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত নেতাএগৰাকীক অপমান কৰাৰ বাবে ভাৰতৰ ৰাইজে প্ৰধান বিৰোধী দলটোক উচিৎ শিক্ষা দিব। খেৰাক লক্ষ্য কৰি শৰ্মাই টুইটাৰত কয়, “কোনো ভুল নকৰিব, পৱন খেৰাৰ এনে মন্তব্যৰ আঁৰত কংগ্ৰেছৰ শীৰ্ষ পৰ্যায়ৰ আশীৰ্বাদ আছে, যিয়ে প্ৰধানমন্ত্ৰী ৰ দৰে এজন ব্যক্তিৰ বিৰুদ্ধে ঘৃণাৰে পৰিপূৰ্ণ মন্তব্য কৰোৱাইছে। ভাৰতে কংগ্ৰেছীসকলৰ এই ভয়ংকৰ মন্তব্যবোৰ পাহৰিব বা ক্ষমা নকৰিব।”শৰ্মাই লগতে কয় যে উত্তৰ-পূবৰ তিনিখন ৰাজ্য – ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ নিৰ্বাচনত গেৰুৱা দলটো জয়ী হ’ব। শৰ্মা বিজেপি নেতৃত্বাধীন নৰ্থ ইষ্ট ডেম’ক্ৰেটিক এলায়েন্সে (নেডা) ৰ আহ্বায়কো। হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ যথেষ্ট উন্নয়ন কৰিছে আৰু উন্নয়ন বজাই ৰাখিবলৈ ৰাইজে বিজেপিক ভোট দিব।তেওঁ কয় “উত্তৰ-পূবৰ লোকসকল মোদীৰ সৈতে আছে। উত্তৰ-পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যত বিজেপিৰ কোনো সমস্যা নাই,” ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ বাবে খেৰাৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে। খেৰাই ১৭ ফেব্ৰুৱাৰীত এক সংবাদমেল সম্বোধন কৰি প্ৰধানমন্ত্ৰীক ‘নৰেন্দ্ৰ গৌতম দাস মোডী’ বুলি উল্লেখ কৰিছিল ।বাতৰি অনুসৰি উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত বিজেপিৰ এমএলচি মুকেশ শৰ্মাই খেৰাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে। এই প্ৰসংগত শৰ্মাই কয়, “পৱন খেৰাই (কংগ্ৰেছ নেতা) আদানিৰ দেউতাকৰ সৈতে তেওঁৰ নাম সংযোগ কৰি প্ৰধানমন্ত্ৰীৰ দেউতাকক উপহাস কৰিছে আৰু তেওঁক অপমান কৰিছে। মানুহবোৰ বৰ বিচলিত হৈছে। এয়া এটা শাস্তিযোগ্য অপৰাধ। আমি তেওঁৰ বিৰুদ্ধে হজৰতগঞ্জ আৰক্ষী থানাত অভিযোগ দাখিল কৰিছো আৰু এজাহাৰ পঞ্জীয়ন কৰা হৈছে।”
তেওঁ টুইটাৰৰ জৰিয়তে স্পষ্ট কৰি দিয়ে যে প্ৰধানমন্ত্ৰীৰ মাজৰ নামটোক লৈ তেওঁ “সঁচাকৈয়ে বিভ্ৰান্ত”। ১৭ ফেব্ৰুৱাৰীত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰোঁতে খেৰাই কৈছিল যে যদি অটল বিহাৰী বাজপেয়ীয়ে জেপিচি গঠন কৰিব পাৰে তেন্তে নৰেন্দ্ৰ ‘গৌতম দাস’ মোডীৰ সমস্যা কি? অৱশ্যে, বিবৃতিটো দিয়াৰ পিছত, খেৰাই তেওঁৰ চাৰিওফালে উপস্থিত লোকসকলক সুধিছিল যে তেওঁ প্ৰধানমন্ত্ৰীৰ মাজৰ নামটো শুদ্ধ কৰি কৈছে নে? তেওঁ কৈছিল “নৰেন্দ্ৰ গৌতম দাস মোডীৰ কি সমস্যা আছে?” তেওঁ পিছত সুধিছিল, “এয়া গৌতম দাস নে দামোদৰ দাস?”। খেৰাই হাঁহি ছিল আৰু কৌতুক কৰি কৈছিল যদিও নামটো দামোদৰ দাস, তেওঁৰ কামবোৰ গৌতম দাসৰ দৰে।

উল্লেখ্য এইবেলি বিজেপিয়ে মেঘালয়ৰ সকলো ৬০ খন বিধানসভা আসনত প্ৰাৰ্থী প্ৰদান কৰিছে আৰু ত্ৰিপুৰাৰ ৫৫ খন আসনত প্ৰাৰ্থী মনোনীত কৰিছে । ৰাজ্য খনত বিজেপিয়ে ইয়াৰ সহযোগী ইণ্ডিজেনাছ পিপলছ ফ্ৰণ্ট অৱ ত্ৰিপুৰা (আইপিএফটি)ক পাঁচখন আসন এৰি দিছে।ত্ৰিপুৰাত ১৬ ফেব্ৰুৱাৰীত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল । ২৭ ফেব্ৰুৱাৰীত নাগালেণ্ড আৰু মেঘালয়ত নিৰ্বাচন অনুষ্ঠিত হ’ব।

Related Articles