Breaking

শীতকালত হিটাৰৰ অত্যাধিক ব্যৱহাৰ নকৰিব!

0 2,237

শীতকালত হিটাৰৰ অত্যাধিক ব্যৱহাৰ স্বাস্থ্যৰ বাবেও ক্ষতিকাৰক হ’ব পাৰে।গতিকে ৰুম হিটাৰৰ অত্যাধিক ব্যৱহাৰৰ ফলত স্বাস্থ্যৰ কি কি ক্ষতি হ’ব পাৰে জানো আহক:-

হিটাৰৰ অত্যাধিক ব্যৱহাৰে আৰ্দ্ৰতা হ্ৰাস কৰে, আনহাতে বায়ুত কম আৰ্দ্ৰতাৰ ফলত ছাল সম্পৰ্কীয় সমস্যাও হ’ব পাৰে।হিটাৰৰ অত্যাধিক ব্যৱহাৰে শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ আশংকাও সৃষ্টি কৰে। হাপানীৰ ৰোগীসকলে কোঠাৰ হিটাৰ বেছি ব্যৱহাৰ কৰিব নালাগে।যদি হিটাৰ অধিক ব্যৱহাৰ কৰা হয়, ই অক্সিজেনৰ স্তৰ হ্ৰাস কৰে।হিটাৰ প্ৰয়োগ কৰোঁতে ইয়াক উপযুক্ত উষ্ণতাত ছেট কৰিব। লগতে বায়ুত আৰ্দ্ৰতাৰ স্তৰ বজাই ৰাখিবলৈ কোঠাটোত পানীৰ বাটি এটা ৰাখক।হিটাৰৰ সন্মুখত কাগজ, কম্বল বা কাঠ নাৰাখিব।হিটাৰৰ অত্যাধিক ব্যৱহাৰৰ ফলত চকুৰ জ্বলা-পোৰা বা খজুৱতি হ’ব পাৰে।

Leave A Reply