Breaking

ব্ৰেড, বিলাহী পৰা তৰমুজলৈকে এই ১০ টা খাদ্য সামগ্ৰী ভুলতেও ফ্ৰীজত নাৰাখিব…

0 116

প্ৰায়ে মানুহে প্ৰতিটো খাদ্য সামগ্ৰী নষ্ট হোৱাৰ পৰা ৰক্ষা কৰিবলৈ ফ্ৰীজত ৰাখে। কিন্তু, আপুনি জানেনে তেনে কৰাটো যে ভুল, কাৰণ কিছুমান বস্তু ফ্ৰীজত ৰাখিব নালাগে। দহটা বস্তু আছে যিবোৰ আমি কেতিয়াও ফ্ৰীজত ৰাখিব নালাগে। শেহতীয়াকৈ মাষ্টাৰ চেফ পংকজ ভদোৰিয়াই সেই ১০টা বস্তুৰ কথা কৈছিল যিবোৰ আমি কেতিয়াও ফ্ৰীজত ৰাখিব নালাগে। সেই খাদ্য সামগ্ৰী সমূহ হৈছে…

ৰুটি

যদি আপুনি ৰুটি ফ্ৰীজত ৰাখে, তেন্তে তেনে কৰাটো বন্ধ কৰক। কাৰণ ফ্ৰীজত ৰুটি ৰাখিলে সোনকালে নষ্ট হয় আৰু লগতে কঠিন হৈ পৰে।

বিলাহী
প্ৰায় সকলো ধৰণৰ খাদ্যতে বিলাহী ব্যৱহাৰ কৰা হয় যদিও ফ্ৰীজত বিলাহী ৰাখিলে ইয়াৰ সোৱাদ আৰু টেক্সচাৰ দুয়োটা নষ্ট হয়।

মৌ
মৌ ব্যৱহাৰ কৰাৰ পিছত কেতিয়াও ফ্ৰীজত ৰাখিব নালাগে, কাৰণ ই অৰ্ধকঠিন হৈ পৰে।

তৰমুজ
ঠাণ্ডা তৰমুজ খাবলৈ সকলোৱে ভাল পায়, কিন্তু তৰমুজ কেতিয়াও ফ্ৰীজত ৰাখিব নালাগে, কাৰণ ফ্ৰীজত ৰাখিলে ইয়াৰ এন্টিঅক্সিডেন্ট ধ্বংস হয়। কেৱল এয়াই নহয়, ইয়াৰ ৰং আৰু সোৱাদও সলনি হয়।

আলু
আমি ভুলতে আলু ফ্ৰীজত ৰখা উচিত নহয়, কাৰণ আলুত ষ্টাৰচ থাকে আৰু ফ্ৰীজত ৰাখিলে তাত চেনিৰ পৰিমাণ বৃদ্ধি পায়।

পিঁয়াজ
ফ্ৰীজত পিঁয়াজ ৰাখিলে ই অতি সোনকালে আৰ্দ্ৰতা শোষণ কৰে আৰু নষ্ট হয়।

নহৰু
ফ্ৰীজত নহৰু ৰাখিলে ইয়াৰ সোৱাদও নষ্ট হয়।

কল
কল কেতিয়াও ফ্ৰীজত ৰাখিব নালাগে। কল ফ্ৰীজত ৰাখিলে ইয়াৰ সোৱাদ নষ্ট হয় আৰু বাহিৰৰ পৰা কল ক’লা হ’বলৈ আৰম্ভ কৰে।

কফি
কফি কেতিয়াও ফ্ৰীজত ৰাখিব নালাগে, কাৰণ ই ফ্ৰীজৰ আৰ্দ্ৰতা শোষণ কৰি কঠিন হৈ পৰে। কেৱল এয়াই নহয়, আন বস্তুৰ সংস্পৰ্শলৈ অহাৰ বাবে কফিৰ সোৱাদও নোহোৱা হৈ পৰে।

মাষ্টাৰ চেফ পংকজ ভদোৰিয়াইও কয় যে অলিভ অইল কেতিয়াও ফ্ৰীজত ৰাখিব নালাগে। অলিভ অইল ফ্ৰীজত ৰাখিলে নষ্ট হোৱাৰ সম্ভাৱনা।

Leave A Reply