Breaking

বিশ্বৰ নেতাই নেদেখক! জি ২০ সন্মিলনৰ বাবেই সেউজীয়া কাপোৰেৰে ঢাকি দিয়া হ’ল দিল্লীৰ বস্তি…

0 34

বিশ্বৰ নেতাই নেদেখক! সেই উদ্দেশ্ই জি ২০ সন্মিলনৰ সময়ত দিল্লীৰ বস্তি এলেকা সেউজীয়া কাপোৰেৰে আঁৰ কৰি ৰখা হৈছে। দুদিনীয়া জি-২০ সন্মিলনৰ বাবে দিল্লীৰ সৌন্দৰ্যবৰ্ধনৰ নামত প্ৰায় ৪০০০ কোটি টকা ব্যয় কৰা হৈছে। সৌন্দৰ্যবৰ্ধনৰ নামত দিল্লীৰ হাজাৰ হাজাৰ দৰিদ্ৰ লোকক তেওঁলোকৰ ঘৰৰ পৰা স্থানান্তৰিত কৰা হৈছে বুলি বিৰোধী শিবিৰে অভিযোগ কৰিছে। জি-২০ সন্মিলনৰ বাবে বিশ্বৰ বিভিন্ন দেশৰ নেতাসকলে শুক্ৰবাৰে দিল্লীত উপস্থিত হৈছিল। তেওঁলোকক আদৰণি জনোৱা হৈছিল বিশাল প্ৰস্তুতিৰে। সমগ্ৰ দিল্লী লেজাৰৰ লাইটৰ পৰা পানীৰ ফোঁৱৰালৈকে, বিভিন্ন মূৰ্তিৰ পৰা ফুলৰ টাবলৈলৈকে সজাই তোলা হৈছে। ইয়াৰ বিপৰীতে, নেতাসকলৰ চকুৰ পৰা লুকুৱাই ৰাখিবলৈ বস্তি এলেকাবোৰ সেউজীয়া কাপোৰেৰে ঢাকি দিয়া হৈছে। কিছুমান ঠাইতবস্তি ভাঙি পেলোৱা হৈছে আৰু দৰিদ্ৰ লোকসকলক উচ্ছেদ কৰা হৈছে। আনকি শীত আৰু বাৰিষাত ফুটপাথবাসীসকলে থাকিবপৰাকৈ নিৰ্মাণ কৰা আশ্ৰয়স্থলবোৰো ধ্বংস কৰা হৈছে। কংগ্ৰেছে এই বিষয়টোক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি কয়, “ৰজাই দৰিদ্ৰ লোকসকলক ভাল নাপায়। তেওঁ ব্যয়বহুল কাম, দামী কাপোৰ, দামী জোতা, বিলাসী গাড়ী ভালপায়। “।

চৰকাৰৰ মতে, চলিত বৰ্ষৰ ১ এপ্ৰিলৰ পৰা চাৰি মাহত সমগ্ৰ দিল্লীত ৪৫ টা স্থানত উচ্ছেদ অভিযান চলোৱা হৈছে। নগৰ উন্নয়ন মন্ত্ৰালয়ে সংসদক কৈছিল যে এই উচ্ছেদ অভিযানত ২৩০ একৰ চৰকাৰী ভূমি খালী কৰা হৈছে। দিল্লীৰ বস্তি সুৰক্ষা মঞ্চৰ কৰ্মীসকলে অভিযোগ কৰিছে যে তেওঁলোক সকলোৰে ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড আছে, যদিও তেওঁলোক বস্তিবাসী। কিন্তু তেওঁলোকক অবৈধ বেদখলকাৰী হিচাপে খেদি পঠোৱা হৈছে। ২০১১ চনৰ লোকপিয়ল অনুসৰি, দিল্লীৰ ২০ নিযুত লোকৰ ভিতৰত প্ৰায় ৪৭,০০০ লোক গৃহহীন। বাস্তৱত এই সংখ্যাটো ১৫০,০০০ৰ ওচৰত হ’ব। কংগ্ৰেছৰ মুখ্য মুখপাত্ৰ জয়ৰাম ৰমেশে অভিযোগ কৰে যে ভাৰত হৈছে একমাত্ৰ জি-২০ দেশ য’ত প্ৰতি ১০ বছৰত লোকপিয়ল অনুষ্ঠিত কৰা হোৱা নাই। লোকপিয়ল২০২১ চনৰ বাবে নিৰ্ধাৰিত কৰা হৈছিল। মোদী চৰকাৰৰ বিফলতাৰ বাবে ১৪ কোটি লোক খাদ্য সুৰক্ষা ব্যৱস্থাৰ বাহিৰত আছে বুলি ৰমেশে অভিযোগ কৰে।

Leave A Reply