Breaking

সৰলতাক দুৰ্বলতা বুলি নাভাবিবঃ প্ৰতিবাদী কৃষকৰ সমৰ্থনত আৰ এছ এছৰ কৃষক গোটে সকিয়ালে চৰকাৰক

0 2,032

আৰক্ষীৰ দমন নীতিৰ পিছতো কৃষকৰ প্ৰতিবাদ আজিও অব্যাহত আছে। শেহতীয়াকৈ দুজন কৃষকৰ মৃত্যু ঘটিছে। একেদৰে প্ৰাণ হানি হৈছে আৰক্ষীৰো। প্ৰতিবাদী কৃষকসকলে দিল্লী চলো অভিযান সাময়িকভাবে স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে যদিও প্ৰতিবাদৰ পথৰ পৰা এতিয়াও আঁতৰি যোৱা নাই। দেশৰ বহু জনে কৃষকৰ এই প্ৰতিবাদলৈ সমৰ্থন জনাইছে। লোকসভা নিৰ্বাচনৰ পূৰ্বে কৃষকসকলৰ প্ৰতিবাদক লৈ কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে দেশ-বিদেশৰ পৰা হেঁচাও নোপোৱাকৈ থকা নাই। এনে সময়তে আৰ এছ এছ ৰ স্বীকৃত কৃষক সংগঠন ভাৰতীয় কিষাণ সংঘই প্ৰতিবাদী কৃষকসকলৰ কাষত থিয় দিছে। ৰাজস্থানৰ আজমেৰত ভাৰতীয় কিষাণ সংঘৰ কাৰ্য্যালয়ত এখন বৈঠকৰ পিছত সংগঠনটোৱে মোদী চৰকাৰক কৃষকৰ প্ৰতিবাদৰ বিষয়ত কঠোৰ ভাষাৰে সতৰ্ক কৰি দিয়ে। সংগঠনটোৱে লগতে দাবী কৰে যে কৃষকসকলৰ নামত হিংসা বিয়পাবলৈ চেষ্টা কৰা হৈছে।

কিছুমানে এই আন্দোলনৰ জৰিয়তে ৰাজনৈতিক লাভ লাভ অৰ্জন কৰিবলৈ চেষ্টা কৰি আছে বুলিও আৰ এছ এছৰ কৃষক সংগঠনটোৱে মন্তব্য কৰে। সংগঠনটোৰ সাধাৰণ সম্পাদক মোহিনী মোহন মিশ্ৰই কয়, “চৰকাৰে দেখুওৱা মনোভাৱ নিন্দনীয়। ইয়াৰ ফলত হিংসা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।’’কৃষকৰ সৰলতাক দুৰ্বলতা বুলি নাভাবিবলৈয়ো আৰ এছ এছৰ কৃষক গোটটোৱে চৰকাৰক সকিয়াই দিয়ে। প্ৰতিবাদকাৰী কৃষকসকলে দিল্লী চলো অভিযানৰ সিদ্ধান্তত অটল হৈ আছে। এই কাৰ্যসূচী পৰৱৰ্তী এসপ্তাহৰ বাবে পিছুৱাই দিয়া হৈছে। দিল্লী চলো অভিযান ২৯ ফেব্ৰুৱাৰীত পুনৰ আৰম্ভ হ’ব।

Leave A Reply