Breaking

“CAA আহিলে ভোট নিদিব”- জুবিন গাৰ্গ

0 17

“কেব”ক লৈ জ্বলিছিল সমগ্র ৰাজ্য। “কেব” “কা-আইন”ত পৰিণত হ’ল। এতিয়া কেন্দ্ৰীয় চৰকাৰে কা আইন কাৰ্যকৰী কৰিব বুলি গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰাৰ পিছতেই সৰব হৈ পৰিছে দল সংগঠনসমূহ। সংগঠন সমূহৰ দাবী কা আইন কোনোপধ্যে কাৰ্যকৰী কৰিব নিদিয়ে। কা আন্দোলন কৰা দল সংগঠনৰ একাংশ নেতা আৰু শিল্পী ইতিমধ্যে ওলোটা খৰ মাৰিছে বা বিজেপি দলত যোগদান কৰিছে। আনহে নালাগে কোনো কোনোৱে আকৌ লৈছে বিভিন্ন সা-সুবিধা। কিন্তু বহুতো এতিয়াও নিজৰ স্থিতিত অটল আছে।

বাক্সা জিলাৰ মুছলপুৰত এনেদৰে গীতৰ মাজতে আকৌ কা আইন প্ৰযোজ্য হ’লে বিজেপিক ভোট নিদিবলৈ আহ্বান জনালে জনদৰদী শিল্পী জুবিন গাৰ্গে।

Leave A Reply