Breaking

৮৫ উৰ্ধৰ প্ৰবীণ ভোটাৰৰ ঘৰে ঘৰে গৈ ভোটগ্ৰহণ আৰম্ভ শোণিতপুৰত, শোণিতপুৰৰ পাঁচটা বিধানসভা সমষ্টিত ২৪০০ প্ৰবীণ ভোটাৰে ভোটদান কৰিব নিজৰ ঘৰত…

0 16

অহা ১৯ তাৰিখে অনুষ্ঠিত হ’ব লগা শোণিতপুৰ লোকসভা সমষ্টিৰ নিৰ্বাচনৰ আন এক ভোটগ্ৰহণ প্ৰক্ৰিয়া আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে জিলাখনত ।জিলাখনৰ পাঁচটা বিধানসভা সমষ্টিত নিৰ্বাচন কৰি উলিওৱা ৮৫ বছৰ উৰ্ধৰ ২৪০০ গৰাকী প্ৰবীণ ভোটাৰৰ লগতে ডাকঘৰত বিশেষ অসুবিধাৰ বাবে জমা দিবলৈ আহিব নোৱৰা লোকৰ ঘৰে ঘৰে গৈ পোষ্টেল ভোটগ্ৰহণ প্ৰক্ৰিয়া আজি আৰু কাইলৈ দুটা দিনত সম্পন্ন কৰাৰ অৰ্থে আজি পুৱাই যাৱতীয় নিৰ্বাচনী প্ৰপত্ৰ আৰু সঁজুলি লৈ ৯২ টা দলৰ ৪৬০ গৰাকী নিয়োজিত কৰ্মচাৰী দৰংমহাবিদ্যালয়ৰ পৰা ৰাওনা হয় নিৰ্দিষ্ট ঘৰসমূহলৈ।

পুৱাই জিলা নিৰ্বাচনী বিষয়া দেৱ কুমাৰ মিশ্ৰ সামগ্ৰী সংগ্ৰহ কৰা দৰং মহাবিদ্যালয়ৰ অস্হায়ী কেন্দ্ৰত উপস্থিত হৈ এই ঘৰে ঘৰে গৈ ভোটগ্ৰহণত নিয়োজিত বিষয়া – কৰ্মচাৰী সকলক এই প্ৰক্ৰিয়া সুকলমে সম্পন্ন কৰিবলৈ অভিনন্দন জ্ঞাপন কৰাৰ পিছত শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণৰ তত্বাৱধানত মাইক্ৰ অবজাৰভাৰ, পোলিং বিষয়া, সহকাৰী পোলিং বিষয়া, ভিডিঅগ্ৰাফৰ আৰু সুৰক্ষা কৰ্মীসহ পাঁচজনীয়া দলৰ ৯২ টা টীম ৰাওনা হয় আৰু ঘৰে ঘৰে গৈ ভোটগ্ৰহণ সম্পন্ন কৰে। জানিব পৰা মতে এই দুটা দিনত পাঁচটা বিধানসভা সমষ্টিৰ ২৪০০ গৰাকী ৮৫ বছৰ উৰ্ধৰ লোকক এই প্ৰক্ৰিয়াৰ দ্বাৰা জিলাপ্ৰশাসনে ভোটদানৰ সুবিধা প্ৰদান কৰিব। উল্লেখ্য যে এই প্ৰক্ৰিয়াৰ দ্বাৰা জিলাখনৰ আটাইকেইটা সমষ্টিতে অধিক উৎফুল্ল হৈ অশীতিপৰ ভোটাৰ সকলে নিজৰ ভোটাধিকাৰ সাৱস্ত্য কৰে।

আনহাতে দেওবাৰে ১৯ এপ্ৰিলৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াত নিয়োজিত হ’ব লগা প্ৰথম পোলিং বিষয়া সকলৰো দ্বিতীয়টো প্ৰশিক্ষণ সম্পন্ন হয় তেজপুৰ মহাবিদ্যালয়ত। প্ৰশিক্ষণ কোষৰ তত্বাৱধায়ক তথা জিলাৰ অতিৰিক্ত নিৰ্বাচনী বিষয়া কবিতা কাকতি কোৱঁৰে সমগ্ৰ প্ৰশিক্ষণ পূৰ্বৰ দৰে আজিও পৰ্যবেক্ষণ কৰি জিলাখনত শান্তিপূৰ্ণ ভাৱে নিৰ্বাচন সম্পন্ন হোৱাত বিষয়া – কৰ্মচাৰী সকলৰ সহযোগিতা কামনা কৰে।

Leave A Reply