পূব নলবাৰী কচিং চেণ্টাৰৰ দুৰ্দশাগ্ৰস্ত খেলুৱৈৰ কাষত ড° অৰ্চনা ভটাচাৰ্য্য

বৰ্তমান সময়ত অসমত খেলুৱৈৰ পানীত হাঁহ নচৰাৰ দৰে অৱস্থা হৈছে। বিশেষকৈ ক’ভিডৰ সময় ছোৱাত খেলুৱৈৰ দুৰ্দশা আৰু দুগুনে বৃদ্ধি পাইছে। বহুত খেলুৱৈয়ে এসাজ খায় এসাজ লঘোনে থাকিবলগীয়া পৰিস্থিতৰ সৃষ্টি হৈছে। ঠিক সেই সময়তে নলবাৰী জিলাৰ অগ্ৰণী ক্ৰীড়া সংগঠন পূব নলবাৰী ক’চিং চেণ্টাৰৰ অনুৰোধ মৰ্মে খেলুৱৈ সকলক সহায় কৰাৰ মানসেৰে বহুকেইজন হৃদয়বান ব্যাক্তি আগবাঢ়ি অহা পৰিলক্ষিত হৈছে। এওঁলোকে খেলুৱৈ সকলক কিছু অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰি খেলুৱৈ সকলক সাহস আৰু প্ৰেৰণা দিছে। এই কথা বিভিন্ন প্ৰচাৰ মাধ্যমত প্ৰকাশ হৈ থকাত আজি এই দুৰ্দশাগ্ৰস্ত খেলুৱৈৰ ওঁচৰত থিয় হৈছে যোৰহাট জিলাৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান “নৱকিৰণ মঞ্চ”ৰ সঞ্চালক তথা কাকজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা, উপাধক্ষ্য ড° অৰ্চনা ভটাচাৰ্য্যই। তেওঁ আজি ক’চিং চেণ্টাৰৰ ৪০ জন দুখীয়া খেলুৱৈক কিছু খাদ্য-সামগ্ৰী যোগান ধৰাৰ বাবে অনুদান আগবঢ়াই। সেইমৰ্মে চেণ্টাৰটোৰ বিষয়ববীয়াই আজি খেলুৱৈ সকলৰ মাজত চাউল, ডাইল, মিঠাতেল, আলু, আটা, পিয়াজ, চয়াবিন, চাবোন, বিস্কুট আদি অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰে। খেলুৱৈ সকলে এই অভাৱৰ দিনত সামগ্ৰীখিনি পায় উৎফল্লিত হৈ পৰে। সম্পূৰ্ণ কভিড প্ৰটোক’ল মানি সামগ্ৰী সমূহ বিতৰন কৰে কচিং চেণ্টাৰৰ সভাপতি দীপক কুমাৰ দাস, সম্পাদক হিতেশ দাস, কোষাধক্ষ্য ভৱেশ ভড়ালীয়ে। ভট্টাচাৰ্য্যৰ মহানুভৱতাক ক’চিং চেণ্টাৰৰ লগতে ক্ৰীড়া প্ৰেমী ৰাইজে আন্তৰিকতাৰে শলাগ লৈছে।

Related Articles