নলবাৰীৰ ৰত্ন সাহিত্যাচাৰ্য ড৹ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান, অসমীয়াৰ সাহিত্য জগতত অপূৰণীয় শূন্যতা । DR BASANTA KUMAR BHATTACHARYA

নলবাৰী, ২৩ জুলাইঃDR BASANTA KUMAR BHATTACHARYA । অসমীয়া সাহিত্যৰ পুৰোধা, নলবাৰী ৰত্ন, সাহিত্যাচাৰ্য ড৹ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসানে সমগ্ৰ ৰাজ্যৰ সাহিত্য-সংস্কৃতি জগতত গভীৰ শোকৰ ছাঁ পেলাইছে। বুধবাৰে পুৱা ৪.৪৫ বজাত, নলবাৰীৰ বিদ্যাপুৰস্থিত নিজৰ বাসগৃহত ৮৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদগৰাকীয়ে।

তেওঁৰ বিয়োগে অসমীয়াত্মা সাহিত্য-সংস্কৃতিৰ জগতখনত এক অপূৰণীয় ক্ষতিৰ সৃষ্টি কৰিছে। নলবাৰীবাসীৰ বাবে এই ক্ষতি এক অভিভাৱক হেৰুৱোৱাৰ সমান।

📖 ড৹ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ জীৱন আৰু শিক্ষা

ড৹ ভট্টাচাৰ্যৰ জন্ম ১৯৪২ চনৰ ১ ফেব্ৰুৱাৰী, নলবাৰীত। তেওঁ শিক্ষাজীৱন আৰম্ভ কৰিছিল ১৯৪৭ চনত বালিজাৰ প্ৰাথমিক বিদ্যালয়ত। তাৰ পিছত বৰক্ষেত্ৰী বানেকুছি এম.ই. স্কুল, আৰু ১৯৫৫ চনত গৰ্ডন হাইস্কুলত সপ্তম শ্ৰেণীত নামভৰ্তি কৰি ১৯৫৯ চনত সংস্কৃতত লেটাৰ নম্বৰে প্ৰবেশিকা উত্তীৰ্ণ হয়।

১৯৬১ চনত কটন কলেজৰ পৰা আই.এস.চি পাস কৰা পিছত তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল যদিও অসুস্থতাৰ বাবে মাঝপথতে শিক্ষা বন্ধ কৰিবলৈ বাধ্য হয়। পৰৱৰ্তী সময়ত নলবাৰী মহাবিদ্যালয়ৰ পৰা ১৯৬৪ চনত স্নাতক আৰু ১৯৬৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

🕯️ সাহিত্য সমাজত গভীৰ শোক

তেওঁৰ বিয়োগৰ খবৰত নলবাৰী তথা সমগ্ৰ অসমৰ সাহিত্য সমাজ শোকস্তব্ধ। অঞ্চলটোৰ বহু সাহিত্য অনুরাগী, শিক্ষাবিদ, সমাজকৰ্মী আৰু শ্ৰদ্ধাৱান ৰাইজে সাহিত্যাচাৰ্যগৰাকীৰ বাসগৃহত উপস্থিত হৈ অন্তিম শ্ৰদ্ধা নিবেদন কৰে।

বিশিষ্ট সাহিত্যিকগৰাকীক ৰাজ্যিক মৰ্যাদাৰে অন্তিম বিদায় প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। তেওঁৰ নশ্বৰ দেহ নলবাৰী সাহিত্য সভা আৰু শ্বহীদ ভৱনৰ বাকৰিলৈ লৈ যোৱা হয়, য’ত অসংখ্য গুণমুগ্ধই পুষ্পাঞ্জলি অৰ্ঘ্যৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।

সৰল জীৱন, দীপ্ত সাহিত্য–এই দুয়োটাই আছিল ড৹ ভট্টাচাৰ্যৰ পৰিচয়। তেওঁৰ অবদান অসমীয়াৰ মন-প্ৰাণত চিৰস্মৰণীয় হৈ থাকিব।

Related Articles