পাঠশালা অধিৱেশনে সকলো বিতৰ্কৰ অৱসান ঘটাওক; সাহিত্য সভাক গণমুখী কৰাৰ এক সুস্থ বাতাবৰণ প্ৰদান কৰক এই অধিৱেশনখনে।(Dr Basanta Kumar Goswami)অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা বজালী অধিৱেশন ২০২৫ৰ আনুষ্ঠানিক আমন্ত্ৰণ গ্ৰহণ কৰি নৱনিৰ্বাচিত সন্মানীয় সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীদেৱে এইদৰে মংগল বাণী প্ৰদান কৰে।

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পাঠশালা অধিৱেশনৰ আদৰণী সমিতিৰ তৰফৰ পৰা সম্পাদক অতুল কলিতা, কাৰ্যালয়ৰ সহকাৰী সম্পাদক বৰুণ দাস, অসম সাহিত্য সভাৰ কুঁহি উপ সমিতিৰ আহ্বায়ক শংকুসিদ্ধ নাথ, যোৰহাট সাহিত্য সভাৰ সম্পাদক উত্তম কুমাৰ হাজৰিকা, সাহিত্য সংগঠক নৰেন চন্দ্ৰ বৰাৰ নেতৃত্বত যোৱা এটা সজাতি দলে নৱনিৰ্বাচিত সভাপতি গৰাকীক তামোল-পাণৰ শৰাই, ফুলাম গামোচা, আমন্ত্ৰণ পত্ৰৰে অধিৱেশনলৈ সশ্ৰদ্ধ আমন্ত্ৰণ আগবঢ়ায়।

ইয়াৰ পিছতে সজাতি দলটোৱে অসম সাহিত্য সভাৰ শতবৰ্ষীয় অধিৱেশনৰ সভাপতি পদ্মশ্ৰী প্ৰহ্লাদ চন্দ্ৰ তাছাকো তেখেতৰ যোৰহাটস্থিত বাসভৱনত তামোল পাণৰ শৰায়েৰে আমন্ত্ৰণ জনায়।

