কিংবদন্তি সাংস্কৃতিক ব্যক্তিত্ব (Dr Bhupen Hazarika) সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ভাৰত চৰকাৰে মুকলি কৰিব ১০০ টকীয়া স্মাৰক মুদ্ৰা। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে আনুষ্ঠানিকভাৱে গেজেট অধিসূচনা প্ৰকাশ কৰি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ১০০ টকীয়া স্মাৰক মুদ্ৰা মুকলি কৰাৰ কথা ঘোষণা কৰিছে। ভাৰতৰত্ন বঁটা বিজয়ীগৰাকীৰ ভাৰতীয় সংগীত, সংস্কৃতি, আৰু সামাজিক চেতনালৈ অতুলনীয় অৱদানৰ কালজয়ী স্বীকৃতি হিচাপে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ড০ ভূপেন হাজৰিকাই শ্ৰোতাৰ আত্মাস্পৰ্শী কণ্ঠ, শক্তিশালী গীত, আৰু গভীৰ মানৱতাবাদী দৃষ্টিভংগীৰে দেশ-বিদেশৰ সীমা অতিক্ৰম কৰি সকলোৰে হৃদয়ত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। তেওঁৰ সৃষ্টিসমূহে অসম আৰু উত্তৰ-পূব ভাৰতৰ সাংস্কৃতিক তন্ত্ৰক সমৃদ্ধ কৰাই নহয়, সমগ্ৰ দেশ তথা দেশৰ বাহিৰতো ই প্ৰতিধ্বনিত হৈ আছে।
শান্তি আৰু ঐক্যৰ পোষকতাৰ পৰা সাধাৰণ মানুহৰ সংগ্ৰামক প্ৰেৰণা যোগোৱালৈকে হাজৰিকাৰ শিল্পকলা হৈ পৰিছিল সম্প্ৰীতি আৰু ন্যায়ৰ এক ঐক্যবদ্ধ শক্তি।স্মাৰক মুদ্ৰাটো জাৰি কৰাৰ সিদ্ধান্তই তেওঁৰ শতবৰ্ষত এক উপযুক্ত সন্মানৰ চিন স্বৰূপে বিবেচিত হৈছে। এই সন্মানে সংগীতজ্ঞ, গীতিকাৰ, চলচ্চিত্ৰ নিৰ্মাতা, সমাজ সংস্কাৰক হিচাপে তেওঁৰ উত্তৰাধিকাৰ উদযাপন কৰিছে। ড০ ভূপেন হাজৰিকাৰ প্ৰতি উচিত ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বহুতে গভীৰ শলাগ লৈছে। এই পদক্ষেপে তেওঁৰ জীৱন আৰু অৱদানক শ্ৰদ্ধাঞ্জলি জনাই আয়োজিত শতবাৰ্ষিকী উদযাপনৰ ধাৰাবাহিকতাত আন এক গতি প্ৰদান কৰিব বুলি বহুতে মন্তব্য কৰিছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সুধাকণ্ঠলৈ এনে সন্মান যঁচাৰ বাবে নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এক পোষ্টত মুখ্যমন্ত্ৰী শৰ্মাই কয়- ভাৰত ৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ বাবে এক কালজয়ী সন্মান।আপোনালোকক অৱগত কৰিবলৈ পাই সঁচাকৈয়ে আনন্দিত হৈছোঁ যে বিশ্ব বৰেণ্য শিল্পীগৰাকীৰ জন্ম শতবাৰ্ষিকীৰ বিশেষ উপলক্ষত কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰ্যালয়ে সুধাকণ্ঠ বিশেষ ১০০ টকা মূল্যৰ এটি স্মৃতি মুদ্ৰা প্ৰস্তুতৰ বাবে চৰকাৰী গেজেট অধিসূচনা জাৰি কৰিছে। লুইতৰ পাৰৰ বৰেণ্য শিল্পীগৰাকীক সদায়ে প্ৰাপ্য স্বীকৃতি দি অহা মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক শতবাৰ্ষিকী উদযাপনৰ এই বিৰল মুহূৰ্তক অধিক বিশেষ কৰি তোলাৰ বাবে অসমবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ৷

