Dr Bhupen Hazarika: সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলি জনায় বহুকেইটা ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

আজি ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী।(Dr Bhupen Hazarika)

চতুৰ্দশ মৃত্যুবাৰ্ষিকীত ৰাজ্যজুৰি সুধাকণ্ঠক স্মৰণ।

জালুকবাৰীৰ সুধাকণ্ঠৰ সমাধিক্ষেত্ৰতো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সুধাকণ্ঠলৈ জনায় শ্ৰদ্ধাঞ্জলি।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা বহুকেইটা ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ-

‘সুধাকণ্ঠৰ মানুহে মানুহৰ বাবে গীতটি সমগ্ৰ মানৱ সমাজৰ গীত ৰূপে স্বীকৃতি দিবলৈ ৰাষ্ট্ৰ সংঘক অনুৰোধ জনাম’

‘এইবাৰ বহাগ বিহুত এটা নিশা প্ৰতি খন বিহুতে সুধাকণ্ঠৰ গীত মাতে জীপাল কৰাৰ ব্যৱস্থা কৰা হ’ব’

‘বিহু সমিতি সমূহক আৰু অলপ বেছিকৈ অনুদান দি এই ব্যৱস্থা আমি লম’

‘সুধাকণ্ঠৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ ঢলা শদিয়া ডঃ ভূপেন হাজৰিকা সেতুত এটা বিশাল প্ৰতিমূৰ্তি নিৰ্মাণৰ সিদ্ধান্ত লৈছো’

‘১০০ ফুটৰো অধিক ডাঙৰ হ’ব এই প্ৰতিমূৰ্তি’

‘আজি সমগ্ৰ অসমতে ২ লাখৰো অধিক ৰাইজে মানুহে মানুহৰ বাবে গীতটে মানৱ শৃংখলৰ জৰিয়তে পৰিৱেশন কৰিব’

Related Articles