Breaking

যশস্বী অভিনেতা জৰ্জ বেকাৰক ড° ভূপেন হাজৰিকা বঁটা প্ৰদান

0 11

ভাৰতৰ বোলছবি জগতৰ যশস্বী অভিনেতা জৰ্জ বেকাৰক বেলতলা ব’হাগী উৎসৱ সমিতিয়ে ড° ভূপেন হাজৰিকা বঁটা ২০২৪ প্ৰদান ৷ মহানগৰীৰ বেলতলাত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত ব’হাগী উৎসৱত যশস্বী অভিনেতাজনক এই বঁটা প্ৰদান কৰা হয় ৷ বঁটাত আছে নগদ দুই লাখ টকা উল্লেখ্য যে ১৯ এপ্ৰিলৰ পৰা আয়োজিত ব’হাগী উৎসৱ উপলক্ষে বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ৷ ইয়াৰ ভিতৰত পাটমাদৈ প্ৰতিযোগিতাত শ্ৰেষ্ঠ বিহুৱতী সন্মান অৰ্জন কৰে নিৰ্জুমা কাকতিয়ে ৷ এই বঁটাত আছে নগদ দুই লাখ টকা ৷

আনহাতে ৰংমন এনাজৰী বিহু হুচৰি দলে শ্ৰেষ্ঠ হুচৰি দল, ৰংমন বিহু হুচৰি দলে দ্বিতীয় শ্ৰেষ্ঠ হুচৰি দল, ৰংমন এনাজৰী বিহু হুচৰি দলৰ অবিনাশ দিহিঙীয়াই শ্ৰেষ্ঠ ঢুলীয়া, চেৰেকা সূৰুযমুখী বিহু দলৰ ভাস্কৰ বৰুৱাই শ্ৰেষ্ঠ পেপুৱা খিতাপ অৰ্জন কৰে ৷ আনহাতে এই বিহু উৎসৱৰ লগত সংগতি ৰাখি কণ কণ ল’ৰা-ছোৱালীৰ মাজত খেলধেমালি প্ৰতিযোগিতা, স্মৃতিগ্ৰন্থ উন্মোচন, বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আদি আয়োজন কৰা হয় ৷

Leave A Reply