তিতাবৰৰ বিশিষ্ট শিক্ষাবিদ, প্ৰগতিশীল কৃষক ডঃ বুদ্ধিন্দ্ৰ নাথ শইকীয়াই কৃষিক্ষেত্ৰত দেখুৱাইছে অনন্য নিদৰ্শন
🔷 তিতাবৰৰ বিশিষ্ট শিক্ষাবিদ, প্ৰগতিশীল কৃষক ডঃ বুদ্ধিন্দ্ৰ নাথ শইকীয়া শৈক্ষিক আৰু কৃষিক্ষেত্ৰখনৰ লগতে সমাজ জীৱনৰ এটি চিনাকি নাম।
🔷 ছাত্ৰাৱস্থাৰ পৰা ধান খেতিৰ সৈতে জড়িত ডঃ বুদ্ধিন্দ্ৰ নাথ শইকীয়াই ১৯৮৮ চনত পিতৃৰ বিয়োগৰ পিছত অধ্যাপনাৰ মাজতে পৈতৃকসূত্ৰে লাভ কৰা ৮ বিঘা দ মাটিত ধান খেতিৰ সমান্তৰাল ভাৱে ৮ বিঘা বাম মাটিত চাহ, প্ৰায় পাঁচ হেজাৰোধিক সাঁচি গছৰ পুলি ৰোপন কৰি চাহ, সাঁচি আৰু ধান খেতিৰ উপৰিও উদ্যান শস্যৰ জৰিয়তে সফল খেতিয়ক হিচাপে সৰ্বজন পৰিচিত হোৱাৰ উপৰিও নিবনুৱা সকলৰ বাবে আদৰ্শ হৈ পৰিছে।
🔷 ১৯৮৪ চনত দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে কৰ্মজীৱনৰ পাতনি মেলা ডঃ শইকীয়াই ১৯৮৫-১৯৯২ চনলৈ দুলিয়াজান মহাবিদ্যালয়ত অধ্যাপনা কৰে। ১৯৯১ চনত ডক্টৰেট ডিগ্ৰী লাভ কৰা ডঃ শইকীয়াই ১৯৯৩ চনত তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ত অধ্যাপক হিচাপে নিযুক্তি লাভ কৰি ২০২০ বৰ্ষৰ ছেপ্টেম্বৰত পদাৰ্থ বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে।
🔷 অধ্যাপনাৰ সময়তে তিতাবৰত নিজাকৈ ক্ৰয় কৰা প্ৰায় ৬ বিঘা মাটিত অৱসৰ গ্ৰহণৰ পিছৰে পৰা বিজ্ঞানসন্মত ভাৱে কৃষি কৰ্মত পূৰ্ণোদ্যমে মনোনিবেশ কৰিবলৈ লয়।

🔷 তিতাবৰৰ ন-আলিৰ কাষত ‘ৰমন গ্ৰীণ চলিউশ্যন’ নামেৰে গঢ়ি তোলা কৃষি পামৰ দুবিঘা মাটিত এক হেজাৰ ড্ৰেগন পুলি ৰোপন কৰাৰ উপৰিও অত্যন্ত বৰ্দ্ধন ক্ষমতাযুক্ত চি ভেৰাইটিৰ ড্ৰেগন ফলৰ পৰা অহা ১৮ মাহৰ পিছত ১৫ লাখ টকাৰো অধিক উপাৰ্জন কৰিবলৈ সক্ষম হ’ব বুলি ডঃ বুদ্ধিন্দ্ৰ নাথ শইকীয়াই ‘ডি বি নিউজ’ক জানিবলৈ দিয়ে। ড্ৰেগন খেতিৰ মাজে মাজে উন্নত জাতৰ অমিতাৰ খেতি কৰাৰ উপৰিও হস্ৰকালীন শাক-পাচলিৰ খেতি কৰা ডঃ শইকীয়াই বিগত বৰ্ষত কৃষি পামত ৭০ জোপা আপেল বগৰী, ৮০ জোপা বল সুন্দৰী বগৰীৰ পুলি ৰোপন কৰি প্ৰায় ৭ মাহৰ পাছতেই প্ৰতিজোপা গছত গড়ে ৫ কিলোগ্ৰামকৈ বগৰী উৎপাদন কৰি প্ৰায় ২৮ হেজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়।
🔷 চলিত বছৰত কুঁহিয়াৰ বিক্ৰী কৰি ২৫ হেজাৰ টকা, মধুৰী বিক্ৰী কৰি ১২ হেজাৰোধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱা আৰু ৫ বিধ উন্নত জাতৰ মধুৰী, হাইব্ৰিড ইভাকডু, অমৰা, লিচু, নাচপতি, চেপেটা, আমলখি, আম, তামোল, কল, নাৰিকল, কাজিনেমু, অমিতা, লং আদি প্ৰায় ৩০ বিধ উদ্যান শস্যৰ লগতে ভোট জলকীয়া, আলু, কচু, আদা, হালধী, ৰঙালাউ, কবি, বেঙেনা, ভেণ্ডি আদি বিভিন্ন শাক-পাচলি খেতি কৰি লক্ষাধিক টকা উপাৰ্জন কৰাই নহয় নৱ প্ৰজন্মৰ বাবে আদৰ্শৰ চানেকি দাঙি ধৰা ডঃ শইকীয়া এগৰাকী মীনপালকো।

🔷 প্ৰায় দুকঠা মাটিত ভেনিলা খেতি আৰু উদ্যান শস্যৰ এটা অংশত ফল-মূলৰ নাৰ্চাৰী আৰম্ভ কৰা শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ চাৰিটা দশকৰো অধিক কাল সঙ্গী হিচাপে সেৱা আগবঢ়াই অহা ডঃ শইকীয়াই বিগত সময়ত সঙ্ঘৰ তিতাবৰ জিলা সাহিত্য শাখাৰ সভাপতিৰ দায়িত্ব পালন কৰাৰ উপৰিও বৰ্তমান প্ৰকল্প পৰিকল্পনা আৰু উন্নয়ন শাখাৰ সভাপতি হিচাপে দায়িত্ব পালন কৰি আহিছে। তিনিখন আন্তঃৰাষ্ট্ৰীয় আৰু দুখন ৰাষ্ট্ৰীয় গৱেষণা পত্ৰ প্ৰকাশৰ উপৰিও নিবন্ধকাৰ হিচাপে বিভিন্ন কাকত-আলোচনীত সাহিত্য চৰ্চা অব্যাহত ৰখা ডঃ শইকীয়াই অসম বিজ্ঞান সমিতিৰ তিতাবৰ শাখাৰ সম্পাদক, নন্দনাথ শইকীয়া মহাবিদ্যালয় শিক্ষক-কৰ্মচাৰী সন্থাৰ সম্পাদক, তিতাবৰ জিলা কবি সন্মিলনৰ সভাপতি আৰু যোৰহাট জিলা কবি সন্মিলনৰ উপ-সভাপতিৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল। তিতাবৰ জিলা চুতীয়া জাতি সন্মিলনৰ তিনিটা কাৰ্যকালৰ সভাপতিৰ পদ অলংকৃত কৰা ডঃ শইকীয়া বৰ্তমান তিতাবৰ মহকুমা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।
🔷 বিশিষ্ট শিক্ষাবিদ তথা আদৰ্শ কৃষক ডঃ শইকীয়াই কৃষিকাৰ্যৰ বাবে কৃষি বিভাগৰ অভিলাষী আঁচনিসমূহৰ সুবিধা দূৰৰে কথা আনকি কৃষিৰ বাবে প্ৰয়োজনীয় দিহা-পৰামৰ্শ, প্ৰশিক্ষণ আদিও লাভ কৰা নাই যদিও কোনোদিনে থমকি ৰ’ব লগা হোৱা নাই। উদ্যান শস্যত অধিক আগ্ৰহেৰে জড়িত আৰু সফলতা অৰ্জন কৰা ডঃ বুদ্ধিন্দ্ৰ নাথ শইকীয়া বৰ্তমান নিবনুৱা যুৱ সমাজৰ বাবে আদৰ্শ হৈ পৰিছে। আমিও ‘ডি বি নিউজ’ৰ তৰফৰ পৰা শিক্ষাবিদ, নিবন্ধকাৰ, কবি, সমাজকৰ্মী, প্ৰগতিশীল কৃষক সন্মানীয় ডঃ বুদ্ধিন্দ্ৰ নাথ শইকীয়াৰ কৰ্মময় জীৱনৰ সফলতা আৰু সু-স্বাস্থ্যৰে দীৰ্ঘায়ু কামনা কৰিলোঁ।
তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱাৰ ৰিপ’ৰ্ট, ‘ডি বি নিউজ”

