Breaking

ডাঃ ধনীৰাম বৰুৱাৰ খোজেৰে আমেৰিকাৰ চিকিৎসক। মানৱ শৰীৰত গাহৰিৰ বৃক্ক সফলতাৰে সংৰোপন…

0 72

অসমীয়া চিকিৎসক তথা গবেষক ডাঃ ধনীৰাম বৰুৱাৰ পদাংক অনুসৰণ কৰি বৃহৎ সফলতা কঢ়িয়াই আনিলে মানৱ জীৱনলৈ। বহু বছৰ পূৰ্বে ডাঃ ধনীৰাম বৰুৱাই পূৰ্ন শইকীয়া নামৰ এগৰাকী ৰোগীৰ শৰীৰত সংৰোপন কৰিছিল গাহৰিৰ বৃক্ক । এই ঘটনাৰ বাবে গবেষক চিকিৎসক গৰাকী জেলৰ ভাত খাব লগীয়া হৈছিল। এই কাৰ্যৰ বাবে অপমান গ্লানি মুৰ পাতি লবলগীয়া হৈছিল ডাঃ ধনীৰাম বৰুৱাই। পিছে বিশ্ববাসীৰ লগতে অসমবাসীৰ বাবে গৌৰবৰ কথা যে নিউইয়ৰ্কৰ এদল চিকিৎসকে একেই পদাংক অনুসৰণ কৰি এগৰাকী “ব্ৰেইন ডেথ” ব্যক্তিৰ শৰীৰত সফলতাৰে বৃক্ক সংৰোপন কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে ” ব্ৰেইন ডেথ” হোৱা ব্যক্তি সুস্হ হোৱাৰ পথ নাথাকে। মগজু বিকল হৈ থকা এনে ব্যক্তিৰ যিকোনো সময়ত হৃদযন্ত্ৰ বন্ধ হৈ মৃত্যু হোৱাটো নিশ্চিত। নিউইয়ৰ্ক চহৰৰ অল বেল্ট নামৰ ব্যক্তি গৰাকীৰ ব্ৰেইন ডেথ হৈ চিকিৎসালয়ত আছিল।

নিউইয়ৰ্ক বিশ্ববিদ্যালয়ৰ “ট্ৰান্সপ্লান্ট ইন্সটিটিউট ” ৰ এটা চিকিৎসকৰ দলে ১৪ জুলাইত ব্যক্তি গৰাকীৰ শৰীৰৰ পৰা বৃক্ক ( কিডনি) উলিয়াই গাহৰিৰ বৃক্ক সংৰোপন কৰে। বুধবাৰে নিউইয়ৰ্ক বিশ্ববিদ্যালয়ে এই বিষয়ে প্ৰকাশ কৰি কয় যে এতিয়ালৈ গাহৰিৰ বৃক্ক টোৱে সুন্দৰ ভাবে কাম কৰি থকাৰ লগতে প্ৰসাব প্ৰক্ৰিয়া পূৰ্বৰ দৰে অব্যাহত আছে। ট্ৰান্সপ্লান্ট ইন্সটিটিউটৰ পৰিচালক ডাঃ ৰৱাৰ্ট মন্টগোমৰীয়ে প্ৰকাশ কৰামতে গাহৰিৰ বৃক্কটোৱে মানুহৰ অংগৰ দৰে কাম কৰাই নহয় বৰং অতি ভালকৈ কাম কৰি থকা কাৰ্যই এক আশাৰ ৰেঙনি কঢ়িয়াই অনা বুলি মন্তব্য কৰে। তেওঁ আমেৰিকাত ১ লাখ ৩০ হাজাৰ লোকৰ অংগ সংৰোপনৰ প্ৰয়োজন। ইয়াৰে ৮৮ হাজাৰ লোকৰ প্ৰয়োজন বৃক্ক। তেওঁ আশা প্ৰকাশ কৰি কয় যে ভৱিষ্যতে জন্তুৰ অংগ মানৱ দেহত সংৰোপন কৰি এক সুস্থ জীৱন যাপন কৰিবলৈ সক্ষম হ’ব।

Leave A Reply