বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, তথা কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি ড° গনেশ্বৰ চহৰীয়াৰ দেহাৱসান

বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, তথা কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি ড° গনেশ্বৰ চহৰীয়াৰ দেহাৱসান।

গুৱাহাটীৰ GNRC চিকিৎসালয়য়ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে।

এক দূৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হৈ আছিল শিক্ষাবিদগৰাকী।

মাত্ৰ ৬৬ বছৰ বয়সতে জীৱন নাটৰ সামৰণি পৰে সাহিত্যিকগৰাকীৰ।

অসমীয়া সাহিত্যৰ কাণ্ডাৰী গৰাকীয়ে সাহিত্যৰ ভঁড়ালত প্ৰায় কুৰিখন গ্ৰন্থ ৰচনা কৰি সমৃদ্ধ কৰিছিল ।

অসম সাহিত্য সভাৰ সংবিধান সমিতিৰ প্ৰথম গৰাকী আহ্বায়কো আছিল ড° গনেশ্বৰ চহৰীয়া।

তেখেতৰ মৃত্যুত বিভিন্ন দল-সংগঠনে শেষ শ্ৰদ্ধা নিবেদন কৰে কামৰূপ জিলা সাহিত্য সভাৰ কাৰ্যালয় প্ৰাংগণত।

অসম বাৰ্তাজীবি সংঘ, কামৰূপ জিলা সাংবাদিক সন্থা, কামৰূপ জিলা সদৰ সাংবাদিক সন্থা, জ্ঞান বিজ্ঞান সমিতি,অসম, জন শিক্ষণ সংস্থান, কামৰূপ, ৰাজ্যিক সম্পদ কেন্দ্ৰ, অসম কামৰূপ জিলা সাহিত্য সভা, দৰং জিলা সাহিত্য সভা আদিয়ে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Related Articles