Breaking

১৬ হাজাৰতকৈ অধিক ৰোগীৰ হৃদযন্ত্ৰৰ চিকিৎসা কৰা ৪১ বছৰীয়া ডাঃ গৌৰৱ গান্ধী হাৰ্ট এটেকত মৃত্যু…

0 74

১৬ হাজাৰতকৈ অধিক ৰোগীৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৃদৰোগ বিশেষশজ্ঞ ৪১ বছৰীয়া ডাঃ গৌৰৱ গান্ধীৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু। এক প্ৰতিবেদন অনুসৰি সোমবাৰে ডাঃ গান্ধীয়ে সচৰাচৰৰ দৰে ৰোগীক লগ কৰি সেই নিশা মহানগৰীৰ পেলেচ ৰোডত থকা নিজৰ বাসগৃহলৈ উভতি আহে। খোৱা-বোৱা কৰি শুই যায় তেওঁ। পিছদিনা ৰাতিপুৱা ৬ বজাত যেতিয়া আত্মীয়ই তেওঁক শোৱাৰ পৰা জগাবলৈ যায়, তেতিয়া তেওঁক অচেতন অৱস্থাত পাই চিকিৎসালয়লৈ লৈ যায়। ডাঃ গান্ধীক চিকিৎসালয়ত মৃত ঘোষণা কৰে। গুজৰাটৰ জামনগৰ চহৰৰ প্ৰখ্যাত হৃদৰোগ বিশেষজ্ঞ ডাঃ গৌৰৱ গান্ধীৰ হাৰ্ট এটেকত মৃত্যু হয়। তেওঁৰ বয়স আছিল ৪১ বছৰ। তেওঁৰ পৰিয়ালৰ সদস্য আৰু এজন সহকৰ্মীয়ে বুধবাৰে এই তথ্য প্ৰদান কৰে। ড° গান্ধীৰ আকস্মিক বিয়োগত অঞ্চলৰ লোকে স্তম্ভিত আৰু শোক প্ৰকাশ কৰে। তেওঁৰ শেষ যাত্ৰাত শ শ লোকে অংশগ্ৰহণ কৰিছিল।

ড° গৌৰৱ গান্ধীৰ মৃত্যুত স্তম্ভিত হৈ পৰিছে ৰাইজ। কাৰণ ইমান কম বয়সতে আৰু হাৰ্ট স্পেচিয়েলিষ্ট এজন হাৰ্ট এটেকত কেনেকৈ মৃত্যুবৰণ হ’ল। খবৰ অনুসৰি গৌৰৱ গান্ধীয়ে নিজৰ কেৰিয়াৰত ১৬ হাজাৰৰো অধিক হৃদৰোগীৰ চিকিৎসা কৰিছিল। ডাঃ গান্ধীয়ে জামনগৰৰ পৰা চিকিৎসা বিজ্ঞানৰ মৌলিক ডিগ্ৰী লাভ কৰি আহমেদাবাদৰ পৰা কাৰ্ডিঅ’লজীত বিশেষজ্ঞতা লাভ কৰে, তাৰ পিছত তেওঁ নিজৰ গৃহ চহৰলৈ উভতি আহি প্ৰেকটিছ কৰে। ফেচবুকত ‘হাল্ট হাৰ্ট এটেক’ অভিযানৰ সৈতে তেওঁৰ সম্পৰ্ক থকা বুলি জানিব পৰা গৈছে। জামনগৰ চহৰৰ গুৰু গোবিন্দ সিং (জি জি) সাধাৰণ চিকিৎসালয়ৰ সহকাৰী চিকিৎসা অধীক্ষক তথা এম পি শ্বাহ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসা বিজ্ঞানৰ অধ্যাপক ডাঃ সৌগাটা চেটাৰ্জীয়ে কয় যে ডাঃ গান্ধী ডেকা, অতি শাৰীৰিকভাৱে সক্ৰিয়, দিনটোত প্ৰায় ১৪ ঘণ্টা কাম কৰিছিল। তেওঁ ধূমপানও কৰা নাছিল। লগতে তেওঁৰ কোনো হৃদৰোগ নাছিল।

Leave A Reply