সাগৰসদৃশ বিশাল জনতাৰ সমদলেৰে গৈ ড° হিমন্ত বিশ্ব শৰ্মাই আজি মনোনয়ন পত্ৰ দাখিল কৰে

বিজেপি নেতা তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টিৰ বাবে মনোনয়ন-পত্ৰ দাখিল কৰিবলৈ সোণাৰাম হাইস্কুল খেলপথাৰৰ পৰা উপায়ুক্ত কাৰ্যালয়লৈ ৰোড শ্ব’ কৰে।হাজাৰ হাজাৰ সমৰ্থকক লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে।

মনোনয়ন দাখিলৰ সময়ত তেওঁক অসংখ্য জনতাই সংগ দিয়ে।’আমি হিমন্ত বিশ্ব শৰ্মাক ভালপাওঁ। আমি তেওঁক বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত পুনৰ জিকাম। জালুকবাৰীৰ এজন ভোটাৰে এই মন্তব্য কৰে।’জালুকবাৰীত ড° শৰ্মাৰ বিৰুদ্ধে কোনো প্ৰতিযোগী নাই’- আন এজন জালুকবাৰী সমষ্টিৰ ব্যক্তিয়ে কয়।

Related Articles