অসমৰ আগশাৰীৰ সাহিত্য, সাংস্কৃতিক (Dr Hiren Deka) তথা সামাজিক অনুষ্ঠান সদৌ অসম কবি মঞ্চই বিভিন্ন দিশত অনবদ্য সেৱা আগবঢ়োৱা কুৰি গৰাকী ব্যক্তিক বিভিন্ন শিতানৰ বঁটা ঘোষণা কৰে। শিক্ষাসেৱক, শিক্ষাবিদ মানৱ দৰদী ডঃ হীৰেণ ডেকাক সদৌ অসম কবি মঞ্চই প্ৰদান কৰিব “শিক্ষাৰত্ন বঁটা-২০২৫”। নিজৰ কর্মজীৱনৰ মধুময় সময়খিনিক শুদ্ধ ৰূপত পৰিচালিত কৰি ছাত্র সমাজ তথা সহকর্মীৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা ডেকাৰ ব্যক্তিত্ব সুকীয়া আৰু জীৱন দৰ্শন এক আদর্শ। মহান পুৰুষৰ জীৱনৰ আদর্শেৰে পৰিচালিত হৈ নিজৰ জীৱনক মহীয়ান কৰা ড০ ডেকাই প্রৱল মেধা শক্তিৰে অসমৰ বহুতো বিদ্যালয়, মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়ৰ বিভিন্ন সম্মানীয় আসনত অধীস্থিত হ’বলৈ সক্ষম হৈছে।
জীৱনৰ প্রায়খিনি সময় শিক্ষাৰ বিভিন্ন দিশৰ লগত জড়িত হৈ, নিজৰ অক্লান্ত ত্যাগ, আৰু পৰিশ্রমেৰে নিজক প্রতিষ্ঠা কৰাৰ স্বার্থত সংগ্রাম কৰা হীৰেন ডেকাৰ জন্ম হৈছিল নলবাৰী জিলাৰ বেলশৰৰ নালিছা নামৰ এখন ভিতৰুৱা গাওঁত ১৯৭০ চনৰ ১৯ মাৰ্চত ।তেখেত প্রয়াত নলিনী ডেকা আৰু প্রয়াত ভাৰতী ডেকাৰ সুযোগ্য সন্তান। সৰুৰে পৰা পিতৃ মাতৃৰ বাক্যৰ প্রতি দায়বদ্ধ হৈ নিজৰ উদ্দেশ্য সিদ্ধিৰ বাবে সপোন দেখা ড০ ডেকা প্রকৃতার্থত এগৰাকী সফল ব্যক্তি।পঢ়া শুনাত একান্ত বাধ্য ডেকাই নিজৰ গাওঁতে প্রাথমিক, মাধ্যমিক আৰু হাইস্কুলীয়া শিক্ষা বেলশৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত গৌৰৱেৰে উত্তীৰ্ণ হৈ ১৯৮৬ চনত কটন কলেজত শিক্ষা গ্রহণৰ বাবে ৰাওনা হৈছিল। এই মহাবিদ্যালয়ৰ পৰা একাগ্রতাৰে শিক্ষা গ্রহন কৰি বিজ্ঞান শাখাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গণিত বিভাগত কটন কলেজৰ পৰাই স্নাতক ডিগ্রী লাভ কৰি দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ১৯৯৪ চনত গণিত বিষয়তেই স্নাতকোত্তৰ ডিগ্রী লাভ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ২০১৩ চনত সন্মানীয় ডক্টৰেট ডিগ্রী লাভ কৰে। কঠোৰ অধ্যাৱসায় আৰু পৰিশ্রমৰ ফলত এখন ভিতৰুৱা গাওঁৰ পৰা বোকাৰ পদুম হৈ ফুলা ডেকাই আন দহ জনৰ আদৰ্শ হৈ ৰবʼ। নলবাৰী জিলাবাসীৰ ডেকা এক প্ৰকাৰ প্ৰেৰণাৰ উৎস।
আত্মবিশ্বাস আৰু নিজৰ মেধাৰ বলত ডেকাই ১৯৯৫ চনৰ আগষ্ট মাহত যোৰহাট অভিযান্ত্রিক মহাবিদ্যালয়ত গনিত বিভাগত সহকাৰী প্রবক্তা হিচাপে যোগদান কৰে লগতে ছাত্র একতা সভাৰ নির্বাচন ,সামাজিক কাম কাজত জড়িত হৈ থকা হীৰেন ডেকা দেৱে যোৰহাট অভিযান্ত্রিক মহাবিদ্যালয়ৰ তেখেত ছাত্রাবাসৰ অধীক্ষক হিচাপে ১৯৯৯ চনৰ পৰা ২০০৫ চনলৈ নিয়োজিত থাকি উক্ত চনতেই সেই মহাবিদ্যালয়ৰ পৰা কটন মহাবিদ্যালয়লৈ স্থানান্তৰ হয়।
যিখন মহাবিদ্যালয়ত নিজেই পঢ়ি জীবনৰ বাটত ন সুৰুষৰ সম্মুখীন হৈছিল সেইখন মহাবিদ্যালয়ত আন দহ জনক জ্ঞান বিলাবলৈ পোৱা জনৰ দৰে সৌভাগ্যশালী আন কোন হ’ব পাৰে! সেই সোভাগ্যৰ পৰা ডেকা দেৱো বঞ্চিত নাছিল। ২০০৫ চনৰ পৰা ২০১৭ চনৰ মে’ মাহলৈ কটন কলেজত তেখেতে গনিত বিভাগৰ সহযোগী অধ্যাপক হিচাপে নিযুক্ত আছিল। উক্ত সময়ছোৱাতে তেখেতে কটন কলেজৰ শৈক্ষিক দিশৰ লগতে সামাজিক দিশত ওতঃপ্রোতঃ ভাবে জড়িত আছিল।
মহাবিদ্যালয়ৰ পৰা ঐতিহ্যমণ্ডিত কটনে বিশ্ববিদ্যালয়ষ মুকুট পিন্ধাৰ পিছতো ড° ডেকাই শিক্ষাদান কৰি আছিল। এই সময়ছোৱাৰ পৰা বর্তমানলৈ তেখেতে গনিত বিভাগৰ সহযোগী অধ্যাপক হিচাপে নিযুক্ত হৈ আছে।ইয়াৰোপৰি তেখেতে কটন বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্রকৰ দায়িত্ব ও সূচাৰুৰূপে পালন কৰিছিল। এতিয়া তেখেতে সঞ্চালক, আভ্যন্তৰীণ গুনগত মান নিৰূপন কোষৰ দায়িত্বত ও আছে।
কটন বিশ্ববিদ্যালয়ৰ বিভিন্ন শৈক্ষিক আৰু সামাজিক কামত নিযুক্ত হৈ থকা ডেকাই ১৫ খনতকৈও অধিক গবেষণা পত্র বিভিন্ন পত্রিকাত প্রকাশ হৈছে। ছাত্ৰ- ছাত্ৰীসকলৰ শৈক্ষিক সমস্যাৰ লগত জড়িত হোৱাৰ উপৰি বিভিন্নজনক ব্যক্তিগতভাৱেও সহায় কৰি আহিছে শিক্ষাবিদ ড০ হীৰেণ ডেকাই। ৰঙিয়া মহাবিদ্যালয়ত অহা ২৬ আগষ্টত আয়োজিত বঁটা প্ৰদান অনুষ্ঠান এই বঁটা প্ৰদান কৰা হ’ব।

