নগাঁও জিলাৰ প্ৰথম গৰাকী (Dr. Hitesh Deka) উপাচাৰ্য কাৰ্যভাৰ গ্ৰহণ কৰা দৈনিক অসমৰ প্ৰাক্তন সম্পাদক ডঃ হিতেশ ডেকাক দেওবাৰে বিয়লি বাইহাটা চাৰিআলিৰ ৰুৰেল লাইব্ৰেৰীত সম্বৰ্দ্ধনা জনোৱা হয়। পূব কামৰূপ ছাত্ৰ সন্থাৰ প্ৰাক্তন সতীৰ্থ বৃন্দ,নৱ গঠিত বাইহাটা চাৰিআলি সাংবাদিক সন্থা, বাইহাটা চাৰিআলি লেখিকা সমাৰোহ,কৰৰা কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ লগতে আন কেইবাটাও সংগঠনে সম্বৰ্দ্ধনা জনাই নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ হিতেশ ডেকাক। বাইহাটা চাৰিআলিৰ বিশিষ্ট সমাজকৰ্মী হৰিনাথ ডেকা, বাইহাটা চাৰিআলি সাহিত্য সভাৰ প্ৰাক্তন সভানেত্ৰী ৰক্তিমা ডেকা বৰুৱা, বাইহাটা চাৰিআলিৰ লেখিকা সমাৰোহৰ প্ৰাক্তন সভানেত্ৰী লক্ষেশ্বৰী কাকতি, দৰঙী কলা কৃষ্টিৰ সভাপতি কুলেন্দ্ৰ নাথ ডেকা, জ্যেষ্ঠ সাংবাদিক সাৰদা প্ৰসাদ শৰ্মাৰ উপস্থিতিত সম্বৰ্দ্ধনা গ্ৰহণ কৰি ডঃ ডেকাই কয় যে ৰাজহুৱা জীৱনত মই সম্বৰ্দ্ধনা অনুষ্ঠান বিশ্বাস নকৰোঁ। মই বিশেষ একো নহয়।ৰাইজৰ মাজৰ ৰাইজৰ আলিবাটৰ এজন বুলি ভাবোঁ। আজিৰ দৰে হাইস্কুলীয়া জীৱনত ইমান সুবিধা পোৱা নাছিলো বুলি নষ্টালজিক হয় ডঃ হিতেশ ডেকা। সমাজ জীৱনৰ বাটত পোৱা নানা ঘাট প্ৰতিঘাটৰ ৰসাল কথাৰে আপ্লুত কৰে উপস্থিত লোক সকলক।
তেওঁ কয় মই যিখন চকীত বহো সেই আন চকীক সদায় সন্মান দিবলৈ চেষ্টা কৰো। ছাত্ৰ সন্থাৰ কৰ্মী হিচাপে পৰিচয় দিবলৈ পালে প্ৰথম আনন্দিত হওঁ।এবাৰ মই একছিডেন্টল বিধায়ক হৈছিলোঁ। এম এল জীৱন মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল আছিল। বিধায়ক হোৱাৰ ছমাহলৈ বহুত ডাঙৰ মানুহ বুলি ভাবিছিলো।এম এল এ ৰ কাম মই ভালদৰে কৰা নাই। মই দাঠি কব পাৰোঁ ৰাজহুৱা জীৱনত এটা টকাও দুৰ্নীতি কৰা নাই।পাচ বছৰীয়া বিধায়কৰ কাৰ্যকালত এখন বেলেগ পৃথিৱীত থকা বুলি অকপট স্বীকাৰ ডঃ ডেকাৰ। উপাচাৰ্য, বিধায়ক,কলেজৰ অধ্যক্ষ,কাকতৰ সম্পাদক আদিৰ পৰিৱৰ্তে আছুৰ তেজ আছে ডঃ ডেকাৰ দেহত।পূব কামৰূপ মহাবিদ্যালয় জীৱন যৌৱনৰ আধাৰশিলা বুলি কয়। মোৰ সপোনৰ ঘৰ আছিল কে চি দাস কমাৰ্চ কলেজ।আজিও শিহৰণ তোলে কে চি দাস কমাৰ্চ কলেজৰ কথা ভাবি। অসমীয়া আৰু বঙালী সমাজৰ মাজত বেলেগ প্ৰভেদ আছে। জীৱনত অন্যায় নকৰা বাবে কাকো খাতিৰ কৰা নাই ডঃ হিতেশ ডেকাই।আকাশ বৰ বিশাল কিন্তু কুৱাটো চাব নালাগে বুলি পৰামৰ্শ আগবঢ়ায় হিতেশ ডেকাই।পূব কামৰূপ ছাত্ৰ সন্থা এতিয়া যথেষ্ট দুৰ্বল বুলি অনুভৱ কৰে তেখেতে। জাতিটোৰ বাবে ছাত্ৰ সন্থাৰ মেৰুদণ্ড সদায় পোন হৈ থকাটো বিচাৰে তেখেতে। সামাজিক পটভূমিত উজনি অসমত সকলো এক। কিন্তু নামনি অসমৰ বাইহাটা চাৰিআলি পৃথক। দুৰ্দান্ত শক্তিৰ অধিকাৰী মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজৰ প্ৰশংসা কৰে ডঃ হিতেশ ডেকাই। সামূহিক চিন্তা চৰ্চাৰ পৰা আতৰি নাথাকি একত্ৰিত ভাবে আগবাঢ়ি গ’লে বাইহাটা চাৰিআলি অঞ্চল উন্নত হোৱাৰ পৰামৰ্শ তেখেতৰ।
এতিয়ালৈকে তিনি বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ডঃ ডেকা। কিন্তু ইয়াৰ বাবে তেখেতে আবেদন কৰা নাছিল। আকস্মিক ভাৱে এই পদ মোক দিয়া হৈছিল এই মন্তব্য ডঃ হিতেশ ডেকাৰ। তেখেতৰ মতে সমাজৰ আশীৰ্বাদ নহ’লে কেতিয়াও আগবাঢ়ি যাব নোৱাৰি। মই এতিয়ালৈকে কোনো কামত ফাঁকি দিয়া নাই। নিস্বাৰ্থ ভাবে কাম কৰি ভাল পোৱা লোক।যি স্থানত থাকো সেই কাম নিস্বাৰ্থ ভাবে কৰি যাওঁ। জীৱনৰ প্ৰাপ্তি আৰু অপ্ৰাপ্তি থাকিলেও উপাচাৰ্য ডঃ ডেকাৰ জীৱনত দূখ নাই। অভাবনীয় গুনৰ ভিতৰত মানুহক কৃতজ্ঞতা জনোৱা এটা।এনে গুন বিলাক আজিৰ ল’ৰা ছোৱালীৰ মাজত নোহোৱা হৈছে।মাক দেউতাকক কৃতজ্ঞতা গুন নথকা লোক মৃত সদৃশ।সততাৰ যাত্ৰা কৰা মানুহৰ অহংকাৰ থাকে। সকলো মানুহৰ স্বাস্থ্য পৰম ধন। মানুহৰ প্ৰথম বন্ধু স্বাস্থ্য হ’ব লাগে।সুস্থ সবল ভাবে জীয়াই থাকিবলৈ সকলোকে স্বাস্থ্যৰ প্ৰতি যতন লব ল’বলৈ পৰামৰ্শ ডঃ হিতেশ ডেকাৰ।

