Dr. L. Murugan: ছবিঘৰত গোপনে কৰিব নোৱাৰিব ছবিৰ ৰেকৰ্ডিং

সৃষ্টিশীল খণ্ডত ডিজিটেল (Dr. L. Murugan) পাইৰেচিৰ বিৰূপ প্ৰভাৱৰ বিষয়টোক লৈ চৰকাৰ অধিক সচেতন হৈছে৷ এই গুৰুতৰ বিষয়টোৰ সমাধানৰ বাবে তলত দিয়া সংস্কাৰসমূহ ৰূপায়ণ কৰা হৈছে৷ ২০২৩ চনত চৰকাৰে চিনেমাট’গ্ৰাফ এক্ট, ১৯৫২ সংশোধন কৰি ডিজিটেল পাইৰেচিৰ বিৰুদ্ধে বিভিন্ন ব্যৱস্থা অন্তৰ্ভুক্ত কৰে৷ সংশোধনীসমূহৰ ভিতৰত আছে নূ্যনতম ৩ মাহৰ কাৰাদণ্ড আৰু ৩ লাখ টকাৰ জৰিমনা, ৩ বছৰৰ কাৰাদণ্ড আৰু অডিট কৰা মুঠ উৎপাদন ব্যয়ৰ প্তণ পৰ্যন্ত জৰিমনা বিহিব পাৰি৷

চিনেমাট’গ্ৰাফ আইনৰ ৬এএ আৰু ৬এবি ধাৰাত অকতৃৰ্ত্বশীলভাৱে ছবিৰ ৰেকৰ্ডিং আৰু প্ৰচাৰ নিষিদ্ধ কৰা হৈছে৷ চিনেমাট’গ্ৰাফ আইনখনৰ নতুনকৈ সংযোজন কৰা ধাৰা ৭ [১বি][ii] অনুসৰি চৰকাৰক পাইৰেটেড কণ্টেণ্ট সন্দৰ্ভত মধ্যস্থতাকাৰীসকলক প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছে৷ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয় তথা কেন্দ্ৰীয় চলচ্ছিত্ৰ প্ৰমাণীকৰণ ব’ৰ্ডক কপিৰাইট থকা বা অনুমোদিত ব্যক্তিৰ পৰা অভিযোগ গ্ৰহণ কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছে, লগতে এনে বিষয়ৰে জড়িত মধ্যস্থতাকাৰীসকলক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰা হৈছে৷ পাইৰেচিবিৰোধী কৌশল শক্তিশালী কৰাৰ লগতে সমন্বিত কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰিবলৈ এখন আন্তঃ মন্ত্ৰণালয় সমিতি গঠন কৰা হৈছে৷

বিশ্ব অডিঅ’ ভিজুৱেল এণ্টাৰটেইনমেণ্ট ছামিট ২০২৫১ সময়ত ডিজিটেল পাইৰেচিৰ বিৰুদ্ধে যুঁজিবলৈ কাৰিকৰী সমাধান বিকশিত কৰাৰ বাবে এখন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল৷ ডিজিটেল পাইৰেচিৰ ভাবুকি ৰোধ কৰিবলৈ আৰু ভাৰতৰ মনোৰঞ্জন পৰিৱেশতন্ত্ৰৰ অখণ্ডতা ৰক্ষাৰ বাবে চৰকাৰে আইন প্ৰয়োগকাৰী সংস্থাকে ধৰি সংশ্লিষ্ট অংশীদাৰসকলৰ সৈতে জড়িত হৈ কাম কৰি আছে৷ এই তথ্য তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড॰ এল মুৰুগানে ৰাজ্যসভাত দাখিল কৰে৷

Related Articles