Breaking

ড০ লুটন চৰকাৰক জনোৱা হয় দৈনন্দিন বাৰ্তা কাকত গোষ্ঠীৰ পৰা সম্বৰ্ধনা…

0 73

দৈনন্দিন বাৰ্তা কাকতত গোষ্ঠীৰ চৈধ্য বছৰ গৌৰৱ উজ্জ্বল সফল যাত্ৰাৰ লগত সংগতি ৰাখি ঘৰে ঘৰে দৈনন্দিন বাৰ্তা, ঘৰে ঘৰে আলোকপ্ৰভঞ্জন ঘৰে ঘৰে দা ৰাইজিং আসাম আৰু হাতে হাতে ডিবি নিউজ এই প্ৰচেষ্টা আগধৰি দুই মাহ ধৰি অসমৰ চুকে-কোনো বিভিন্ন প্ৰান্তৰ সমাজৰ বিশিষ্ট ব্যক্তি তথা বিভিন্ন দিশত নাম উজলাই তোলা সকলক জনোৱা হয় দৈনন্দিন বাৰ্তা কাকতত গোষ্ঠীৰ পৰা সম্বৰ্ধনা। ব্যতিক্ৰম নহয় দৰং ওদালগুৰি সীমান্তৰ কৌপাটি।কৌপাটিত কৌপাটি জাতীয় বিদ্যালয়,কে.জে.বি.স্নাতক মহাবিদ্যালয় আৰু কে.জে.বি. ইংৰাজী বিভাগৰ অধ্যক্ষ তথা পৰিচালক বিশিষ্ট শিক্ষাবিদ ড০ লুটন চৰকাৰক মঙ্গলবাৰে দৈনন্দিন বাৰ্তা কাকতত গোষ্ঠীৰ পৰা জনোৱা হয় সম্বৰ্ধনা। ড০ লুটন চৰকাৰ বৃহত্তৰ কৌপাটি অঞ্চলক শিক্ষাৰ দিশত এখোজ আগুৱাই নিবলৈ অ-প্ৰান চেষ্টা কৰা ব্যক্তি। লুটন চৰকাৰে শিশু মনোবিজ্ঞান বিষয়ত লাভ কৰিছে PHD ডিগ্ৰী।এজন সহজ-সৰল,সুদক্ষ, কৰ্মপটু কৌশলী ব্যক্তি।

তেওঁৰ শিক্ষা দান আৰু পৰিচালনা কাৰ্য্যত অভিভূত হৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰতিষ্ঠানে আগবঢ়াইছে বিভিন্ন সম্বৰ্ধনা। অসম বংগ মৈত্ৰী সন্মিলন বঁটা,বিগত চৈধ্য বছৰ ধৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত এশ শতাংশ উৰ্ত্তীণ বঁটা, সৰ্বাধিক প্ৰথম বিভাগত উৰ্ত্তীণ বঁটা,আদি কৰি ড০ লুটন চৰকাৰ লাভ কৰিছে বহু সন্মান। শিশু শিক্ষাৰ সমল ব্যক্তি হিচাপে অসমৰ বিভিন্ন শিক্ষানুষ্ঠানত প্ৰশিক্ষণ প্ৰদান কৰাৰ ওপৰিও অসম সাহিত্য সভাৰ অধীনত পৰিচালিত অসম আদৰ্শ শিক্ষা সংসদৰ গনিত বিভাগৰ তত্বাৱধাক,শংকৰ সঙ্গ,অসম বুক ডিপু, ইন্টাৰনেছনেল পাব্লিকেচন আদি কিতাপ ৰচনাৰ লগত জড়িত। ড০ লুটন চৰকাৰক সম্বৰ্ধনা জনোৱাত আনন্দিত হৈ পৰে আৰু দৈনন্দিন বাৰ্তা কাকতত গোষ্ঠী ধন্যবাদ জ্ঞাপন কৰে লগতে বাতৰি কাকত আৰু যুৱ প্ৰজন্মৰ বিষয়ে বহু মন্তব্য আগবঢ়ায়।

Leave A Reply