Breaking

গুৱাহাটীস্থিত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মনোজ কুমাৰ মহন্তই ভোটদান কৰিলে বৰক্ষেত্ৰীত…

0 36

তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনক লৈ উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে সমগ্র বৰক্ষেত্ৰী অঞ্চলত। প্ৰতিকুল বতৰকো নেওচি ভোট প্ৰদানৰ বাবে সদল বলে ওলাই আহিল পুৰুষ-মহিলা। ৩ নম্বৰ বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত টেঘেৰীয়াত্তাৰীত প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰে গুৱাহাটীস্থিত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মনোজ কুমাৰ মহন্তই। আনহাতে, জয়সাগৰ, নাৰায়ণপুৰ ৰিজাৰ্ভ আদি গাঁৱত উপস্হিত হৈ ভোটাৰ ৰাইজৰ লগত মত বিনিময় কৰে অধ্যক্ষগৰাকীয়ে।

অধ্যক্ষগৰাকীক লগ পায় উৎফুল্লিত হৈ পৰে সমগ্ৰ অঞ্চলবাসী। উল্লেখ্য যে বছৰ বছৰ ধৰি বৰক্ষেত্ৰী সমষ্টিৰ বিভিন্ন প্ৰান্তত অনুস্থিত সামাজিক উৎসৱ পাৰ্বণত অংশ লোৱাৰ উপৰিও অঞ্চলটোৰ সৰ্বাংগীন বিকাশৰ বাবেও কাম কৰি আহিছে বৰক্ষেত্ৰীৰ সুযোগ্য সন্তান ডাক্টৰ মনোজ কুমাৰ মহন্তই।

Leave A Reply