Breaking

ড॰ নগেন শইকীয়ালৈ এছিয়াটিত ছ’চাইটীৰ সুকুমাৰ সেন স্মাৰক সোণৰ পদক…

0 22

সাহিত্য জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে প্ৰথিতযশা সাহিত্যিক, মিতভাষৰ স্ৰষ্টা, সাহিত্য অকাদেমি ফেল’ অধ্যাপক ড॰ নগেন শইকীয়াক কলকাতাৰ কাউন্সিল অৱ এছিয়াটিক ছ’চাইটীৰ তৰফৰ পৰা ২০২৩ চনৰ বাবে প্ৰফেছাৰ সুকুমাৰ সেন স্মাৰক সোণৰ পদক আগবঢ়াইছে৷ মেইলযোগে প্ৰেৰণ কৰা এক পত্ৰযোগে সাহিত্যিক গৰাকীক আনুষ্ঠানিকভাবে এই কথা জনাইছে সংগঠনটোৱে৷ চলিত বৰ্ষৰ অহা ৬ মে’ত কলকাতাৰ পাৰ্ক ষ্ট্ৰীটত থকা বিদ্যাসাগৰ ভৱনত সাহিত্যিক গৰাকীক এই সন্মান প্ৰদান কৰা হ’ব৷

উল্লেখ্য যে প্ৰফেছাৰ সুকুমাৰ সেন এজন বিখ্যাত ভাষা বিজ্ঞানী৷ তেখেতে অন্যান্য আধুনিক ভাষাৰ উপৰিও পালি প্ৰাকৃত আৰু সংস্কৃত পণ্ডিত আছিল৷ সুনীতি কুমাৰ চেটাৰ্জীৰ উত্তৰসুৰী সুকুমাৰ সেন কলকাতা বিশ্ববিদ্যালয়ৰ তুলনামূলক দৰ্শন বিভাগৰ অধ্যাপক আছিল৷ ১৯৮৪ চনত সুকুমাৰ সেনে এছিয়াটিক ছ’চাইটী লণ্ডনে আগবঢ়োৱা জুবিলী গ’ল্ড মেডেল লাভ কৰে৷ তেখেত এই পুৰস্কাৰ লাভ কৰা প্ৰথম গৰাকী এছিয়ান৷ ইয়াৰ উপৰিও তেওঁ ৰবীন্দ্ৰ পুৰস্কাৰ, আনন্দ পুৰস্কাৰ, বিদ্যাসাগৰ পুৰস্কাৰ, দেশীকোত্তম আৰু ভাৰত চৰকাৰৰ পদ্মবিভূষণ বঁটা লাভ কৰে৷ এছিয়াটিক ছ’চাইটীয়ে তেখেতৰ নামত এটি সোণৰ পদক বিশিষ্ট পণ্ডিত সকললৈ আগবঢ়াই আহিছে৷ এইবছৰ এই সন্মান লাভ কৰাৰ বাবে অসমৰ বিশিষ্ট সাহিত্যিক নগেন শইকীয়ালৈ ‘অধ্যাপক নগেন শইকীয়া সাৰস্বত ন্যাস পৰিষদ’ৰ সভাপতি তথা ডিব্ৰুগড় আৰু শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ভূতপূৰ্ব উপাচাৰ্য ড০ কন্দৰ্প কুমাৰ ডেকাৰ লগতে বিভিন্নজনে সাহিত্যিক গৰীকীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে৷

Leave A Reply